Rupaliparda.com
অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী আক্ৰান্ত "ক'ভিড ১৯" তঃ 1

অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী আক্ৰান্ত “ক’ভিড ১৯” তঃ

অসমীয়া অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী আক্ৰান্ত হৈছে ক’ভিড ১৯ ত। বিগত দিনৰ পৰা জ্বৰ, কাঁহ আদিত ভুগি আছিল অভিনেত্ৰী গৰাকী। তেওঁৰ লগতে তেওঁৰ জ্যেষ্ঠ ভগ্নী ড° শুভালক্ষ্মী ৰাজকুমাৰী আৰু অভিনেত্ৰী গৰাকীৰ জীয়ৰী অনুষ্কা ৰাজকুমাৰীৰ দেহতো পোৱা গৈছে “ক’ভিড” ৰ লক্ষণ। মঙলবাৰে যোৰহাটত ৰেপিড টেষ্ট কৰোৱাইছিল অভিনেত্ৰী গৰাকীয়ে। শিক্ষা জীৱনত কোনো দিন ষ্টেজত উঠি অভিনয় কৰি নোপোৱা এই গৰাকী অভিনেত্ৰী গীতাৱলীৰ “পূৱালী” আলোচনীত ওলোৱা ফটোখনেই আছিল জীৱনৰ টাৰ্ণিং পইন্ট। তাৰ পিছতেই তেওঁক প্ৰথমখন ছবি “কৃষ্ণচূড়া” ৰ বাবে বিচৰা হৈছিল। অভিনয়ৰ কথা একো নজনাকৈ তেওঁ সোমাই পৰিছিল অভিনয় ক্ষেত্ৰখনত। উক্ত ছবিখনত তেওঁৰ সহঃ অভিনেতা হিচাপে অভিনয় কৰিছিল তপন দাসে।

অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী আক্ৰান্ত "ক'ভিড ১৯" তঃ 2
View this post on Instagram

☺️

A post shared by Gitawali Rajkumari official (@gitawalirajkumari) on


বাংলা, উড়িয়া, কানাডা আদি ভাষাত নিৰ্মিত ছবিসমূহৰ উপৰিও “আহত” নামে হিন্দী ধাৰাবাহিকখনৰ বাবেও বিচৰা হৈছিল গীতাৱলীক কিন্তু একাষাৰে এইবোৰ কৰাত অমান্তি হৈছিল তেওঁ। অসমীয়া “প্ৰিয়া অ’ প্ৰিয়া”, “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” কে ধৰি বিভিন্ন খন ভিচিডিত অভিনীত এইগৰাকী অভিনেত্ৰীৰ অভিনয় বৰ্তমান দৰ্শকে দেখিবলৈ পাইছে ৰং চেনেলত যোগে প্ৰচাৰিত ধাৰাবাহিক “বান্ধোন” ত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.