Rupaliparda.com
"পত্নীক নোৱাৰিলে চম্ভালিব"; অনুৰাগ কাশ্যপলৈ বাক্যবানঃ 1

“পত্নীক নোৱাৰিলে চম্ভালিব”; অনুৰাগ কাশ্যপলৈ বাক্যবানঃ

বলীউড ছবি নিৰ্মাতা অনুৰাগ কাশ্যপ চচিয়েল মিডিয়াত সক্ৰিয় হোৱাৰ লগতে নিজ মত খুলি ৰখা দেখিবলৈ পোৱা যায়। কিন্তু যেতিয়াৰ পৰাই পৰিচালক গৰাকীয়ে অভিনেত্ৰী কংগনাৰ বিৰুদ্ধে থিয় দিছে তেতিয়াৰ পৰাই তেওঁক বিভিন্ন জনে বিভিন্ন ধৰণে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে। আটাইবোৰ ঋণাত্মক সমালোচনাৰ মাজত এগৰাকীয়ে পৰিচালক অনুৰাগৰ ব্যক্তিগত জীৱনক লৈ সমালোচনা কৰে কিন্তু শেষত গৈ পৰিচালক গৰাকীও এই সমালোচনাৰ প্ৰতিউত্তৰ দিয়া দেখা যায়। ইউজাৰ জনে কয় যে, “পত্নীক চম্ভালিব নোৱাৰিলে, এতিয়া আহিছে জ্ঞান দিবলৈ।” ইয়াৰ প্ৰতিউত্তৰত পৰিচালক গৰাকীয়ে কয় যে, “নাৰীক চম্ভালিব নালাগে। তেওঁ নিজে নিজক চম্ভালিব পাৰে আৰু নিজৰ পৰিয়ালটোকো। তেওঁৰ ভাল নালাগিল গতিকে গুচি গ’ল। গোলাম নাছিল যে মই বান্ধি ৰাখিব পাৰিলোহেঁতেন। বাকী আপোনাৰ ভালেই ন?”


অনুৰাগ কাশ্যপে কংগনা ৰাণাওঁটৰ এইবাৰৰ সংস্কৰণটোক চিনি নাপাওঁ বুলি মন্তব্য কৰে আৰু তেতিয়াৰ পৰাই পৰিচালক গৰাকী সন্মুখীন হ’বলগীয়া হয় ট্ৰোলৰ। কংগনাইও অনুৰাগ কাশ্যপক “সৰু মহেশ ভাট” ৰ আখ্যা দিয়ে। বিগত দিনৰ পৰা বলীউড ক্ষেত্ৰখনত কংগনাৰ সৈতে ভিন্ন জনৰ ভাৰ্চুৱেল কাজিয়া লগা দেখিবলৈ পোৱা গৈছে। স্বৰা ভাস্কৰ, ঋষা চড্ডাকে ধৰি তাপসি পান্নুও কংগনাক উভতি ধৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.