বৰ্তমান নৱপ্ৰজন্মৰ প্ৰতিভা আৰু সৃষ্টিৰ প্ৰতি আকৰ্ষিত হৈছে সৰ্বসাধাৰণ ৰাইজৰ লগতে বিভিন্ন জন শিল্পীও। তেওঁলোকৰ সৃষ্টিয়ে আপ্লুত কৰি ৰাখিছে জনসাধাৰণক। সম্প্ৰতি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া কোনো ধৰণৰ শ্বুটিং কৰিবলৈ দিয়া নাই ৰাজ্য চৰকাৰে। তেনেক্ষেত্ৰত, য’ত একোখন ছবি অথবা ধাৰাবাহিকৰ শ্বুটিং বন্ধ ৰখা হৈছে তাতেই আকৌ একোটা গীত মুকলি কৰা হৈছে লিৰিকেল ভিডিঅ’ৰে। ইতিমধ্যে আমি বহুকেইটা গীত এনেদৰে মুক্তি পোৱা দেখিবলৈ পাইছো; এইবাৰ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে যুৱপ্ৰজন্মৰ চিত্ৰকাৰ অথবা গ্ৰাফিক্স ডিজাইনাৰ সকলৰ বাবে লৈ আনিছে এক সুন্দৰ সুযোগ।

তেওঁৰ আগন্তুক বহুকেইটা গীত লিৰিকেল ভিডিঅ’ৰে মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে আৰু এই গীতসমূহৰ বাবেই তেওঁক প্ৰয়োজন কিছু চিত্ৰ অথবা গ্ৰাফিক্সৰ। ইয়াৰ বাবেই তেওঁ যুৱপ্ৰজন্মৰ পৰা তেওঁলোকৰ সৃষ্টি সমূহ বিচাৰে। ফেচবুকত কৰা এক পোষ্ট যোগে এই কথা ব্যক্ত কৰাত উৎসাহী হৈ পৰিছে এতিয়া বিভিন্ন জন। হাৰ্টথ্ৰৱ গৰাকীৰ পৰা লাভ কৰা এনে সুযোগ আচলতে কোনোৱে যাবলৈ দিব নোখোজে; সেইবাবেই হয়টো তেওঁৰ এই পোষ্টটোক ভিন্ন জনে শ্বেয়াৰ কৰাৰ উপৰিও ইয়াত কমেন্ট কৰি তেওঁৰ এই সুযোগক ব্যৱহাৰ কৰিম বুলিও মন্তব্য কৰে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে জুবিন গাৰ্গৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “অ জীৱন” শীৰ্ষক গীতটিতো এগৰাকী নৱপ্ৰজন্মৰ শিল্পী কুলদীপক দেখিবলৈ পোৱা যায়। আগন্তুক সময়তো তেওঁৰ কেইবাটাও গীত মুকলিৰ কথা জানিব পৰা গৈছে; জুবিন গাৰ্গ আচলতে এজন জনপ্ৰিয় শিল্পীৰ লগতে অসমবাসীৰ বাবে তেওঁ এক আৱেগ। গতিকে, তেওঁৰ পৰা লাভ কৰা এনে সুযোগে এতিয়া বহু যুৱপ্ৰজন্মক কিবা এক নতুন কৰাৰ প্ৰেৰণা যোগাব।
1 comment