সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেওঁৰ প্ৰতিজন অনুৰাগী আৱেগিক হৈ পৰিছিল। তেওঁৰ শেষৰখন ছবি “দিল বেছাৰা” ই লাভ কৰা ততোধিক প্ৰতিক্ৰিয়াৰ পৰাই আচলতে এই কথা মানি ল’ব পাৰি। ডিজনী+ হটষ্টাৰত মুক্তিপ্ৰাপ্ত এই ছবিখনক ২৪ ঘণ্টাৰ ভিতৰত ৯ কোটি ৫০ লাখ দৰ্শকে উপভোগ কৰি পেলাইছিলে। এক ৰিপোৰ্টনুসৰি গম পোৱা গৈছে যে, এই ছবিখন “গেম অৱ থ্ৰনছ” তকৈ অধিক বাৰ উপভোগ কৰিছে সুশান্তৰ অনুৰাগীয়ে; তাকো এই ছবিখনৰ কোনো ধৰণৰ অইন প্ৰচাৰ চলোৱা হোৱা নাছিল। কোৱা হৈছে যে, হয়টো এই ছবিখন অভিনেতা গৰাকীৰ অনুৰাগীয়ে একেটা সময়তে উপভোগ কৰাৰ সিদ্ধান্ত লৈছিলে। উল্লেখ্য যে, পৰিস্থিতি ভাল হৈ থকা অৱস্থাত যদি এই ছবিখন চিত্ৰগৃহত মুকলি কৰা গ’লহেঁতেন তেনেহ’লে ১০০ টকীয়া ছবিগৃহৰ টিকেটৰ গণনাত ছবিখনে প্ৰথম দিনা বস্ক অফিচ কালেকচন কৰিলেহঁতেন মুঠ ৯৫০ কোটি টকা। আনহাতে, পি.ভি.আৰ চিনেমাৰ যদি টিকেটৰ গড় হিচাপত গণনা কৰা হয় তেনেহ’লে এখন টিকেটৰ মূল্য হ’ব ২০৭ টকা আৰু ইয়াৰ হিচাপত ছবিখনে প্ৰথমটো দিনত পালেহেঁতেন মুঠ ২ হাজাৰ কোটি টকা।


উল্লেখ্য যে, অভিনেতা গৰাকীৰ মৃত্যুৰ পিছত তেওঁৰ শেষৰখন ছবিয়ে ৰাইজৰ যথেষ্ট মনযোগ আকৰ্ষণ কৰিছে। কিন্তু, অভিনেতা গৰাকী জীয়াই থকা অৱস্থাত যেতিয়া ছবিখনৰ পোষ্টাৰ মুকলি কৰা হৈছিল তেতিয়া অধিকাংশ দৰ্শকে সমালোচনা কৰাৰ লগতে কিছু টুলুঙা মন্তব্যৰে ইয়াক ব্যতিব্যস্ত কৰি তুলিছিল। এইখিনিতে আচলতে প্ৰশ্ন হয়, “মুখা” কোনে পিন্ধিছে? অভিনেতা-অভিনেত্ৰী সকলে নে সৰ্বসাধাৰণ ৰাইজে? আপুনি কি ভাৱে??
Add comment