Rupaliparda.com
দামী অধিবক্তাক গ্ৰহণ কৰিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়েঃ আগতে লৈছিল ছলমান আৰু সঞ্জয়ৰ কেছ- 1

দামী অধিবক্তাক গ্ৰহণ কৰিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়েঃ আগতে লৈছিল ছলমান আৰু সঞ্জয়ৰ কেছ-

সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে দীঘলীয়া এখন এজাহাৰ দাখিল কৰা পিছতেই ৰিয়া চক্ৰৱৰ্তীয়ে এতিয়া এগৰাকী নামজ্বলা অধিবক্তাক উক্ত কেছৰ দায়িত্ব প্ৰদান কৰিছে। সতীশমানে শিন্দে নামৰ এই গৰাকী অধিবক্তাই পূৰ্বতে ছলমান খান আৰু সঞ্জয় দত্তৰ ফালৰ পৰা তেওঁলোকৰ চলি থকা কেছৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু ইয়াৰ পিছতেই এইবাৰ তেওঁক নিজ দায়িত্ব দিয়ে অভিনেত্ৰী ৰিয়াই। সুশান্ত সিঙৰ মৃত্যুৰ পিছত এতিয়া বিভিন্ন ন-ন তথ্যৰ দুৱাৰ মুকলি হৈছে, অভিনেতা গৰাকীৰ পিতৃয়ে কেইবাটাও গম্ভীৰ আৰোপ লগাই ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

দামী অধিবক্তাক গ্ৰহণ কৰিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়েঃ আগতে লৈছিল ছলমান আৰু সঞ্জয়ৰ কেছ- 2

এজাহাৰ খনত পুংখানুপুংখ কথাৰে প্ৰতিটো বস্তুৰ বৰ্ণনা কৰে অভিনেতা গৰাকীৰ পিতৃয়ে। আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাৰ পৰা আদি কৰি সুশান্তৰ পৰা ৰিয়াই ১৫ কোটি টকাৰ লগতে ঘৰত থকা সমগ্ৰ বস্তু লৈ উধাও হোৱাৰো কথা ব্যক্ত কৰে পিতৃয়ে দাখিল কৰা এজাহাৰ খনত। উল্লেখ্য যে, ৰিয়াই দায়িত্ব প্ৰদান কৰা অধিবক্তা গৰাকীয়ে ইয়াৰ পূৰ্বে সঞ্জয় দত্তৰ ১৯৯৩ চনত আৰু ছলমান খানৰ বিৰুদ্ধে ১৯৯৮ চনত হোৱা কেছৰ দায়িত্ব লৈছিল।

দামী অধিবক্তাক গ্ৰহণ কৰিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়েঃ আগতে লৈছিল ছলমান আৰু সঞ্জয়ৰ কেছ- 3


সুশান্ত সিঙৰ পিতৃয়ে মুঠ ৭ পৃষ্ঠাযুক্ত এজাহাৰ দাখিল কৰে। পাটনা চেন্ট্রেল জনৰ আইজিয়ে মঙ্গলবাৰে সংবাদ মাধ্যমক জনায় যে, “ৰিয়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৬ (আত্মহত্যাত প্রৰোচনা), ৩৪১ আৰু ৩৪২(জোৰ কৰি ধৰি ৰখা), ৩৮০ (ঘৰৰ সামগ্ৰী চুৰি), ৪০৬ (চুক্তিভঙ্গ) আৰু ৪২০ (প্রতাৰণা) ধাৰাত অভিযোগ দাখিল কৰা হৈছে।’

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform