আমি প্ৰায়ে উল্লেখ কৰো যে এয়া চাওঁক নৱপ্ৰজন্মৰ সৃষ্টি। আচলতে, এই শাৰীটো উল্লেখ কৰাৰ অন্তৰ্নিহিত অৰ্থ এয়াই যে বৰ্তমান পৰিস্থিতিত নৱপ্ৰজন্মৰ সৃষ্টি সঁচাকৈ লেখত ল’বলগীয়া। দেৱৰাজ বৰা আৰু নিখিল ৰয় এই দুটা নাম হয়টো আপোনালোকৰ বাবে চিনাকী হৈ পৰিছে; তেওঁলোকৰ সৃষ্টিয়েও আপ্লুত কৰিবলৈ সক্ষম হৈছে জনসাধাৰণক। উক্ত দুয়োগৰাকী শিল্পীৰ যুঁটীয়া প্ৰচেষ্টাৰে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “উজাগৰী” শীৰ্ষক গীতটিক বৰ্তমান শ্ৰোতাই আকোঁৱালি লোৱা দেখিবলৈ পোৱা গৈছে; গীতটিত কথা দিয়াৰ পৰা আৰম্ভ কৰি ইয়াত কৰা কন্ঠদান লগতে পৰিচালনা কৰালৈ ইয়াৰ সমষ্ট দায়িত্ব ৰূপায়ন কৰিছিল ক্ৰমে নিখিল আৰু দেৱৰাজে। উল্লেখ্য যে, ২০১২ চনত গুৱাহাটীলৈ আহি নিখিলে তেওঁৰ প্ৰথমটো গীত “জোনাক নিশা” ৰেকৰ্ডিং কৰে আৰু মুম্বাইলৈ গৈ চাউণ্ড ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা গ্ৰহণ কৰে।
মুম্বাইত থাকি কাম কৰিব পৰাকৈ পৈণত নাই হোৱা বাবেই তেওঁ গুৱাহাটীলৈ উভতি আহি নিজাববীয়াকৈ খুলি লোৱা ইউটিউব চেনেলত বিভিন্ন গীতৰ “Cover” প্ৰস্তুত কৰি মুক্তি দিয়ে; যাৰ বাবে তেওঁ বৰ্তমান লাভ কৰিছে দৰ্শক ও শ্ৰোতাৰ সমাদৰ। আনহাতে, ৰূপালীপৰ্দাৰ এক সাক্ষাৎকাৰ যোগে দেৱৰাজক যেতিয়া সংগীতৰ কোনটো উপাদানক প্ৰাধান্য দিয়ে বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, ” মই সংগীতৰ চৰ্চা বহু আগৰ পৰাই কৰি আছো যদিও বিগত বৰ্ষ অৰ্থাৎ ২০১৯ তহে দৰ্শকৰ ওচৰলৈ মোৰ মাজত থকা সাংগিতিক চিন্তা বোৰৰে যোগাযোগ স্থাপন হৈছে। সংগীতত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় টো হৈছে artistic exhibition ; সাধৰণতে মনটোত নিৰবিচ্চিন্নভাৱে লাগতিয়াল আৰু অলাগতিয়াল চিন্তাৰ স্ৰোত বৈ থাকে, তাৰে মাজত আটাইতকৈ সংবেদনশীল আৰু অনুভৱী অনুভুতি বোৰক কলাত্মক ৰূপত উপস্থাপন কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ।
ইয়াত শব্দ যদি হৃদয় হয়, সুৰ বোৰক ইয়াত উশাহ নিশাহৰ দৰে বুলি ক’ব পৰা যায় আৰু কণ্ঠদান ইয়াত গীতটোৰ আত্মাৰ দৰে হয় যিয়ে এটা গীতক জীৱন্ত কৰি টোলে। গতিকে, কলাত্মক উপস্থাপনক মই প্ৰথম প্ৰাধান্য দিম।” উল্লেখ্য যে, সদ্যমুক্তিপ্ৰাপ্ত এওঁলোকৰ “উজাগৰী” শীৰ্ষক গীতটোত শ্ৰোতাই পাইছে প্ৰেম-বিষাদ পূৰ্ণ এক মিশ্ৰিত অনুভৱৰ সোঁৱাদ। দুয়োগৰাকীৰ কন্ঠশিল্পীৰ এই প্ৰচেষ্টাৰ লগতে আগন্তুক প্ৰকল্পসমূহৰ বাবে ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।
Add comment