Rupaliparda.com
" প্ৰচেষ্টা এয়াই যে দৰ্শকৰ ওচৰত কোনো এটা বিষয়বস্তুৰ সঁচাটোৰ উপস্থাপন কৰা"- বেদব্ৰত বৰা 1

” প্ৰচেষ্টা এয়াই যে দৰ্শকৰ ওচৰত কোনো এটা বিষয়বস্তুৰ সঁচাটোৰ উপস্থাপন কৰা”- বেদব্ৰত বৰা

“ভালটো মই তোমাকে পাওঁ, But He is my Bestfriend” শীৰ্ষক এই সংলাপটো ছাগে আপোনালোক সকলোৰে মনত আছে; নহ’লে দুই এজনেটো হয়টো উক্ত সংলাপটো বহুতৰ সৈতে ব্যৱহাৰো কৰিছে। এই সংলাপটো ব্যৱহৃত চুটি ছবিখনে কিছুদিন পূৰ্বে লেখত ল’বলগীয়া জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ই ভাইৰেলো হৈ পৰিছিল বহু পৰিমাণে। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত আন এখন চুটি ছবি “আজিও আছো ৰৈ” ও ইতিমধ্যে দৰ্শকৰ ফালৰ পৰা লাভ কৰিছে সঁহাৰি; উক্ত দুয়োখন চুটি ছবিতে অভিনীত যুৱপ্ৰজন্মৰ অভিনেতা গৰাকী হৈছে বেদব্ৰত বৰা। তেওঁৰ অভিনয়ে যথেষ্টখিনি সঁহাৰি লাভ কৰাৰ উপৰিও তেওঁ কৰা সৰু সৰু প্ৰচেষ্টাই বৰ্তমান আপ্লুতও কৰিছে ৰাইজক। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা বতৰাত যেতিয়া যুৱ অভিনেতা গৰাকীক তেওঁৰ অভিনয়ৰ আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “মই সৰুৰ পৰাই ৰাজ্যিক ভিত্তিত যিবোৰ একাংকিকা নাটক হয় ; মই তাত যোগদান কৰিছিলো। কলেজীয়া জীৱনতো মই মহাবিদ্যালয় সপ্তাহ বা অইন কিবা নাট প্ৰতিযোগিতা হ’লে যোগদান কৰিছিলো।”


আগলৈ তেওঁ কয় যে, সমান্তৰালকৈ, মই নাটকৰ যিমানবোৰ কৰ্মশালা হয়; তাৰ পৰা বহুখিনি বস্তু শিকিবলৈ চেষ্টা কৰিছিলো। অভিনয়ৰ আৰম্ভণি মোৰ এই নাটকৰ মাজেৰেই হৈছিল বুলি মই ক’ব লাগিব। আনহাতে, যদিহে মই ইউটিউবৰ কথা কওঁ তেনেহ’লে ২০১৮ চনত অন্বেষা মহন্ত বুলি মোৰ লগৰ এগৰাকীৰ সৈতে মিলি পেলাই আমি “Zerothdrama” শীৰ্ষক চেনেল এটা খুলি লৈছিলো। তেনেকৈয়ে সেই চেনেলটোৰ যোগেৰে আমি ৩-৪ মিনিটৰ ভিডিঅ’ আপলোড কৰি ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিলো; এই ভিডিঅ’ সমূহৰ দ্বাৰাই হৈছিল মোৰ এই যাত্ৰাৰ আৰম্ভণি। বৰ্তমান আমাৰ এই চেনেলটোৰ সৈতে নতুনকৈ জড়িত হৈছে অৰ্পিতা শৰ্মাও।” এই ক্ষেত্ৰখনত আগবাঢ়িবলৈ কেনে প্ৰচেষ্টা হাতত লৈছে বুলি প্ৰশ্ন কৰাত বেদব্ৰতে কয় যে, “আগবাঢ়িবলৈ আচলতে তেনে কোনো নিৰ্দ্দিষ্ট প্ৰচেষ্টা মই হাতত নাই লোৱা। কিন্তু, এটা নিৰ্দ্দিষ্ট বিষয়বস্তুক লৈ আগবাঢ়িবলৈ হ’লে তাৰ কাল্পনিক ধাৰাটোতকৈ দৰ্শকৰ মন গহ্বৰত তাৰ কিছু সঁচা উপাদানেহে আটাইতকৈ অধিক ঠাই বিস্তাৰ কৰে।

" প্ৰচেষ্টা এয়াই যে দৰ্শকৰ ওচৰত কোনো এটা বিষয়বস্তুৰ সঁচাটোৰ উপস্থাপন কৰা"- বেদব্ৰত বৰা 2


গতিকে, মোৰ প্ৰচেষ্টা এয়াই যে দৰ্শকৰ ওচৰত কোনো এটা বিষয়বস্তুৰ সঁচাটোৰ উপস্থাপন কৰা। যিহেটো অভিনয় ক্ষেত্ৰ অথবা এখন ছবিত এটা বস্তুক অকণমান “বেছি” কৰি দেখুওৱা হয় তৎস্বত্বেও আমি চেষ্টা কৰিছো যে সম্প্ৰতি পৰিস্থিতিৰ সৈতে খাপ খোৱা সঁচাটো দেখুওৱাব পাৰো। ১০ শতাংশহে ইয়াত কাল্পনিক কথা ৰাখিবলৈ চেষ্টা কৰিছো।” উল্লেখ্য যে, “আজিও আছো ৰৈ” শীৰ্ষক চুটি ছবিখনে ইতিমধ্যে ইউটিউবত লেখত ল’বলগীয়া ভিউৱাৰচ পাবলৈ সক্ষম হৈছে; ছবিখনৰ বিষয়বস্তুটোৱে দৰ্শকক চুই যোৱা বুলি মন্তব্যও কৰিছে এতিয়া বিভিন্ন জনে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform