Rupaliparda.com
"মোৰ কিয় লাগিছে যে সুশান্ত সিং ৰাজপুতৰ হত্যা কৰা হৈছে!"- সুব্ৰমন্যয়ম স্বামী 1

“মোৰ কিয় লাগিছে যে সুশান্ত সিং ৰাজপুতৰ হত্যা কৰা হৈছে!”- সুব্ৰমন্যয়ম স্বামী

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেওঁৰ এই ঘটনাটোৱে প্ৰতিদিনেই নতুন নতুন মূৰ লোৱা দেখিবলৈ পোৱা গৈছে। তেওঁৰ পিতৃ কে কে সিঙে এজাহাৰ দাখিল কৰাৰ পিছত অভিনেতা গৰাকীৰ মৃত্যুৰ ঘটনাটোৱে এতিয়া লৈছে এক গম্ভীৰ ৰূপ। সুশান্ত সিং ৰাজপুতক ন্যায় দিয়াবলৈ বহুকেইজন লোক একযোঁট হৈছিল আৰু ইয়াৰ সমান্তৰালকৈ এই বিষয়ত মাত দিছিল বিজেপি নেতা সুব্ৰমন্যয়ম স্বামীয়ে। সক্ৰিয় ভূমিকা গ্ৰহণ কৰা এই নেতা গৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীলৈ আৱেদন পত্ৰ লিখাৰ লগতে চি.বি. আই তদন্তৰো আহ্বান জনাইছে। এইবাৰ তেওঁ নিজ টুইটাৰত এনে কিছু তথ্যৰ দাখিল কৰে য’ত তেওঁ স্পষ্ট কৰে যে অভিনেতা সুশান্তে আত্মহত্যা নহয়, তেওঁক পৰিকল্পিত হত্যা কৰা হৈছিল। ২৬ টা ডাঙৰ কাৰণ দৰ্শাই স্বামীয়ে এই তথ্য দাঙি ধৰে জনসাধাৰণৰ সমুখত। ১৪ জুন তাৰিখে অভিনেতা গৰাকীৰ মৃত্যুৰ পূৰ্বে তেওঁ ভিডিঅ’ গেম খেলিছিল বুলি জানিব পৰা গৈছিল। বিজেপি নেতা গৰাকীৰ মতে, যি ব্যক্তি হতাশাৰ সৈতে যুঁজ দি থাকে তেওঁ কোনোদিন ভিডিঅ’ গেম খেলিব নোৱাৰে। আনহাতে, সুশান্তৰ বাসগৃহত কোনো “চুচাইড নোট” নথকা কথাটোৱে সুব্ৰমন্যয়ম স্বামীৰ হজম নাই হোৱা বুলিও ব্যক্ত কৰে তেওঁ।

"মোৰ কিয় লাগিছে যে সুশান্ত সিং ৰাজপুতৰ হত্যা কৰা হৈছে!"- সুব্ৰমন্যয়ম স্বামী 2


লগতে, আন বহুকেইটা কথাৰ সৈতে বিজেপি নেতা গৰাকীয়ে এই তথ্য দাঙি ধৰে চচিয়েল মিডিয়াত। এই সমগ্ৰ কথাৰ সত্যাসত্যতা বৰ্তমানেও পোহৰলৈ অহা নাই যদিও এই আটাইবোৰ কথাই এতিয়া ভিন্ন প্ৰশ্নৰ উত্থাপন কৰিছে জনসাধাৰণৰ মনত। উক্ত টুইটত কেপছনত স্বামীয়ে লিখে যে, – “মোৰ কিয় লাগিছে যে সুশান্ত সিং ৰাজপুতৰ হত্যা কৰা হৈছে!”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform