Rupaliparda.com
খোল খাইছে ভিন্ন পৃষ্ঠাঃ সলনি হৈছে মন্তব্যৰঃ আৰক্ষীৰ সোধ-পোছৰ ওপৰতো উঠিছে প্ৰশ্ন- 1

খোল খাইছে ভিন্ন পৃষ্ঠাঃ সলনি হৈছে মন্তব্যৰঃ আৰক্ষীৰ সোধ-পোছৰ ওপৰতো উঠিছে প্ৰশ্ন-

সুশান্ত সিং ৰাজপুতৰ ঘনিষ্ঠ বন্ধু সন্দীপ সিঙে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যম যোগে হোৱা সাক্ষাৎকাৰত জনায় যে মুম্বাই পুলিচে এতিয়ালৈ তেওঁৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিকভাৱে মন্তব্য গ্ৰহণ কৰা নাই। বিভিন্ন বিষয়ৰ বিষয়ে জানিবলৈ আৰক্ষীয়ে তেওঁৰ সৈতে যোগাযোগ কৰিছিল যদিও তেওঁৰ পৰা বৰ্তমানলৈ কোনোধৰণৰ আনুষ্ঠানিক মন্তব্য গ্ৰহণ নকৰাৰ কথা ব্যক্ত কৰে সন্দীপ সিঙে। আমি প্ৰত্যেকেই দেখিবলৈ পাইছো যে নিতৌ নতুন তথ্যৰ সৈতে একোজন ব্যক্তিৰ মুখৰ পৰা শুনিব পোৱা গৈছে সুশান্তৰ বিষয়ত বিভিন্ন কথা। এইবাৰ আকৌ সন্দীপ সিঙে কৰা মন্তব্যই খলকনি লগাইছে সচেতন মহলত।

খোল খাইছে ভিন্ন পৃষ্ঠাঃ সলনি হৈছে মন্তব্যৰঃ আৰক্ষীৰ সোধ-পোছৰ ওপৰতো উঠিছে প্ৰশ্ন- 2

আনহাতে, সাক্ষাৎকাৰটোত সন্দীপ সিঙে ইয়াকো কয় যে সুশান্ত এগৰাকী স্ফূৰ্তিবাজ ব্যক্তি আছিল, তেওঁ আত্মহত্যা কৰা বিধৰ নাছিল। তেওঁ চিনেমা আৰু কেৰিয়াৰক লৈ যথেষ্ট গম্ভীৰ প্ৰকৃতিৰ লোক আছিল। ইপিনে, সুশান্তৰ পিতৃয়ে মুম্বাই পুলিচৰ ওপৰত কোনো ধৰণৰ বিশ্বাস নাৰাখিয়ে নিজৰ ফালৰ পৰা এজাহাৰ তেওঁ বিহাৰ আৰক্ষী চকীত দাখিল কৰিছিলে। বৰ্তমান সুশান্তৰ মৃত্যুৰ বিষয়টোক লৈ দুই ঠাইৰ আৰক্ষীয়ে নিজ নিজ বিচাৰ আৰম্ভ কৰিছে।

খোল খাইছে ভিন্ন পৃষ্ঠাঃ সলনি হৈছে মন্তব্যৰঃ আৰক্ষীৰ সোধ-পোছৰ ওপৰতো উঠিছে প্ৰশ্ন- 3


উল্লেখ্য যে, উক্ত কেছক লৈ বৰ্তমান বিহাৰ আৰক্ষী মুম্বাই আহি পাইছেহি। আৰু, আহিয়ে তেওঁলোকে অভিনেতা সুশান্তৰ ৰান্ধনীৰ মন্তব্য গ্ৰহণ কৰিছে। সুশান্তৰ মৃত্যুৰ সময়ত ৰান্ধনী গৰাকী অভিনেতা গৰাকীৰ বাসগৃহতেই আছিল আৰু তেওঁয়ে আছিল যিয়ে সুশান্তৰ কোঠালিৰ তলা ভাঙিছিলে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.