Rupaliparda.com
সুশান্তৰ বান্ধৱী ক্ৰিস্সনৰ স্বীকাৰোক্তিঃ 1

সুশান্তৰ বান্ধৱী ক্ৰিস্সনৰ স্বীকাৰোক্তিঃ

সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে এজাহাৰ দাখিল কৰাৰ পিছত অভিনেতা গৰাকীৰ মৃত্যুৰ তদন্তই এতিয়া লৈছে বেলেগ মূৰ। বলীউড ক্ষেত্ৰখনে কেৱল মাত্ৰ এই বিষয়টোক লৈ চৰ্চা কৰি আহিছে; এজাহাৰ দাখিল কৰাৰ পিছতেই এনে বহু লোক বাহিৰলৈ আহিছে যিয়ে বৰ্তমান ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে মাত মাতিছে; এনেক্ষেত্ৰত সুশান্তৰ বন্ধু বৰ্গইও তেওঁৰ মৃত্যুৰ বিষয়টোক লৈ দৃঢ়তাৰে ঠিয় দিছে। কিছুদিন পূৰ্বে সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীয়ে এক ভিডিঅ’ মেছেজ যোগে নিজৰ ওপৰত লগা আৰোপ সমূহ ভুল বুলি স্বীকাৰোক্তি দি সত্যৰ জয় হোৱা কথা ব্যক্ত কৰে। কিন্তু এই ভিডিঅ’টোতেই সুশান্তৰ এগৰাকী বান্ধৱী ক্ৰিস্সনে কমেন্ট কৰি খুলি কথা কোৱাৰ লগতে নিজক লৈও শংকা প্ৰকাশ কৰে। তেওঁ লিখে যে, “যেতিয়াই তেওঁ এই গৰাকী মহিলাৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল তেতিয়াৰ পৰাই আমি সুশান্তৰ ওচৰলৈ যাব পৰা নাছিলো।”

সুশান্তৰ বান্ধৱী ক্ৰিস্সনৰ স্বীকাৰোক্তিঃ 2


ক্ৰিস্সনে আগলৈ কয় যে, “তেওঁৰ সকলো বন্ধুয়ে জানে যে তেওঁৰ নম্বৰ সলনি কৰি থকা হৈছিলে। আমি বহু চেষ্টা কৰিছিলো তেওঁৰ কাষ পাবলৈ কিন্তু আমি নোৱাৰিলো। তেওঁৰ পিতৃও কৈছে যে এইগৰাকী মহিলাই তেওঁলোকৰ লগতো সম্পৰ্ক কৰিবলৈ দিয়া নাছিল, ৰিয়া চক্ৰৱৰ্তীৰ সত্য সমুখলৈ আহিব আৰু আমি ইয়াৰ ধ্যান ৰাখিম। সত্যমেৱ জয়তে তোমালৈও।” আনহাতে ক্ৰিস্সনে নিজৰ ওপৰতো যে কোনো শক্তিয়ে পিছলৈ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে তাৰো কথা উল্লেখ কৰে। তেওঁ কয় যে,”মই নিজে নিজক কেতিয়াও নামাৰো কিন্তু যেনেকৈএওঁলোকে সুশান্তক মাৰিলে; হ’ব পাৰে এওঁলোকে মোকো মাৰি পেলাব।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.