Rupaliparda.com
আন এখন চুটি ছবি "দূৰে দূৰে" ৰ মুক্তিঃ সংগীত পৰিচালক বাবন বৰ্ণিল- 1

আন এখন চুটি ছবি “দূৰে দূৰে” ৰ মুক্তিঃ সংগীত পৰিচালক বাবন বৰ্ণিল-

২০২০ চনটোক যেন শুদ্ধ ৰূপত গ্ৰহণ কৰিব পৰা নাই কোনোৱে। প্ৰত্যেকেই কোনো নহয় কোনো হতাশা, বিষাদ আদিৰ সন্মুখীন হৈছে; কোনো যদি নিজ কৰ্মক্ষেত্ৰৰ পৰা আঁতৰিছে তাতেই আকৌ কোনোৱে বিষাদক লগৰী কৰি জীৱন জীয়াইছে। মুঠতে, চলিত বৰ্ষটোক সাধাৰণভাৱে ল’ব পৰা নাই কোনোৱে। উপলুঙা, প্ৰত্যাহাৰ আদিৰ সন্মুখীন হৈছে সকলো। এনে বোৰ বিষয়বস্তুক সামৰি নতুনকৈ বহু সংগীত, ছবি, চুটি-ছবিৰ নিৰ্মাণ এইকেইটা দিনতেই সম্পূৰ্ণ হৈ উঠিছে। জনসাধাৰণে বস্তুবোৰ উপভোগো কৰিছে এইকেইটা দিনত; মুঠতে মনোৰঞ্জন ক্ষেত্ৰখনে পাৰ্যমানে নিজৰ ফালৰ পৰা জনসাধাৰণক অকণমান হাঁহিৰ অৱসাদ প্ৰদান কৰিছে। চুটি ছবি সমূহৰ কাহিনীৰ সমান্তৰালকৈ ইয়াত অন্তৰ্ভূক্ত গীতেও বহুখিনি জনসাধাৰণক আকৰ্ষণ কৰিছে; গীত সমূহৰ সৈতে জড়িত হৈ পৰিছে একো জনকৈ প্ৰতিষ্ঠিত সংগীত শিল্পীও। ঠিক তেনেদৰেই তেনে এখন চুটি ছবিয়ে লাভ কৰিব মুক্তি; ইয়াৰ নাম হৈছে “দূৰে দূৰে”। চলিত মাহৰ ২৫ তাৰিখে ইয়াক মুকলি কৰি দিয়া হ’ব।

আন এখন চুটি ছবি "দূৰে দূৰে" ৰ মুক্তিঃ সংগীত পৰিচালক বাবন বৰ্ণিল- 2


আপোনজন দূৰলৈ গ’লে তেওঁ বাৰু কেনেদৰে ক্ৰিয়া কৰিব পাৰে আনজনৰ মন-মগজুত! প্ৰিয় জনৰ প্ৰতিটো কথাই প্ৰথম ভাগত আপোন হৈ পৰিলেও পিছলৈ ই স্বভাৱত পৰিণত হোৱাত কেতিয়াবা অশান্তিদায়ক হৈ পৰে পৰিস্থিতি; এনে কিছু কাহিনীক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰি উলিওৱা হৈছে উক্ত চুটি ছবিখন। বেদান্তৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখনৰ যোৱাকালি মুক্তিপ্ৰাপ্ত গীতটিৰ সংগীত পৰিচালনা কৰিছে বাবন বৰ্ণিলে আৰু ইয়াত কন্ঠদান কৰিছে দেৱাশীষে। গীতটোত কথা অৰিন্দম বৰ্মন, দেৱাশীষ কাশ্যপ আৰু জিষ্ণু ভৰদ্বাজৰ। মনোজ বণিয়া আৰু মানস ৰাজবংশীৰ দৃশ্যগ্ৰহণেৰে চুটি ছবিখনৰ ছবিখনৰ সংলাপ অৰিন্দম আৰু বেদান্তৰ। ছবিখনত অভিনয় কৰিছে অৰিন্দম বৰ্মন, চৰ্চিতা শৰ্মা আৰু মুন্না মেধি বৰ্মনে। ডি.আই উদ্দীপ্ত কলিতাৰ।


একাংশ চুটি ছবি আৰু ইয়াৰ গুণগত মান সমূহৰ ক্ষেত্ৰত ই বৰ্তমান নিৰ্দ্দিষ্ট স্থান গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। ৰাইজে আকোঁৱালিও লৈছিলে এই বিষয়বোৰৰ লগতে ছবিবোৰক। পূৰ্ণদৈৰ্ঘ্যৰ ছবি সমূহৰ শ্বুটিং শেহতীয়াকৈ আৰম্ভ হৈছে যদিও একাংশ চুটি ছবিয়ে ইয়াৰ অভাৱ সম্পূৰ্ণ কৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.