Rupaliparda.com
"প্ৰথমবাৰৰ বাবে "ৰকষ্টাৰ" অফাৰ মোক কৰা হৈছিল"- ছেইফ আলি খান 1

“প্ৰথমবাৰৰ বাবে “ৰকষ্টাৰ” অফাৰ মোক কৰা হৈছিল”- ছেইফ আলি খান

২০১১ চনত মুক্তিপ্ৰাপ্ত বলীউড ছবি সমূহৰ ভিতৰত এখন জনপ্ৰিয় ছবি আছিল “ৰকষ্টাৰ”; ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল ৰণৱীৰ কাপুৰ আৰু নৰগিশ ফাখৰীয়ে। ডাঙৰ পৰ্দাত ছবিখনে সফলতা লাভ কৰাৰ সমান্তৰালকৈ ৰণৱীৰ কাপুৰৰ অভিনয়ৰো বহুল প্ৰশংসা কৰা হৈছিল। ছবিখনৰ গীত সমূহ আজিও জনপ্ৰিয়; অনুৰাগীয়ে আজিও এই গীতসমূহক নিজ হৃদয়ত স্থান দিছে। কিন্তু, আপুনি জানেনে এই ছবিখনৰ বাবে ৰণৱীৰ কাপুৰ নাছিল নিৰ্মাতাৰ বাবে প্ৰথমজন অভিনেতা; ৰণৱীৰৰ পৰিৰ্ৱতে ছবিখনত পোন প্ৰথমবাৰৰ বাবে লোৱা হৈছিল ছেইফ আলি খানক।

"প্ৰথমবাৰৰ বাবে "ৰকষ্টাৰ" অফাৰ মোক কৰা হৈছিল"- ছেইফ আলি খান 2

এই কথা খিনিক নিজেই ব্যক্ত কৰে ছেইফ আলি খানে; অভিনেত্ৰী নেহা ধূপিয়াৰ শ্ব “নৌ ফিল্টাৰ নেহা চিজন ৫” ত ছেইফ আলি খানে দিয়া সাক্ষাৎকাৰ যোগে কয় যে, “ৰকষ্টাৰৰ বাবে অফাৰ দিয়া হৈছিল মোক; ইমতিয়াজ আলিয়ে ৰকষ্টাৰ বনাব বিচাৰিছিল। তাৰ সলনি আমি “লভ আজকল” বনাইছিলো। আৰু, ইয়াৰ পিছতেই ইমতিয়াজ আলিয়ে ৰণৱীৰ কাপুৰৰ সৈতে লগ হৈ “ৰকষ্টাৰ” বনাই লৈছিল। কিন্তু প্ৰথমবাৰৰ বাবে “ৰকষ্টাৰ” অফাৰ মোক কৰা হৈছিল।”

"প্ৰথমবাৰৰ বাবে "ৰকষ্টাৰ" অফাৰ মোক কৰা হৈছিল"- ছেইফ আলি খান 3


বৰ্তমান সংবাদ মাধ্যমত নিজৰ ব্যক্তিগত জীৱনৰ বাবে চৰ্চা লাভ কৰি আছে অভিনেতা ছেইফ আলি খানে। ছেইফ আলি খানে দ্বিতীয়বাৰৰ বাবে পিতৃ সুখ লাভ কৰিবলৈ সক্ষম হৈছে আৰু খবৰ নিজেই কৰীণা কাপুৰে চচিয়েল মিডিয়া যোগে দৰ্শকক দিয়ে। উল্লেখ্য যে, শেহতীয়াকৈ “দিল বেছাৰা” ত দেখিবলৈ পোৱা গৈছিল ছেইফ আলি খানক। আগন্তুক সময়ত তেওঁক “বন্তী ঔৰ ববলী ২” ত দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform