Rupaliparda.com
ৰিয়ালৈ সুশান্তৰ ভগ্নীৰ প্ৰতিউত্তৰঃ 1

ৰিয়ালৈ সুশান্তৰ ভগ্নীৰ প্ৰতিউত্তৰঃ

সুশান্ত সিং ৰাজপুতৰ বিষয়ত মূল আৰোপী ৰূপে খ্যাত ৰিয়া চক্ৰৱৰ্তীয়ে এক ৰাষ্ট্ৰীয় চেনেলত দিয়া সাক্ষাৎকাৰে খলকনি লগাইছে এতিয়া সচেতন মহলত। ৰিয়াই সুশান্তৰ পৰিয়ালৰ ওপৰত আৰোপ লগোৱাও ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। সুশান্তৰ পিতৃয়ে ৫ বছৰ ধৰি নিজ পুত্ৰৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নৰখা কথাও বাখ্যা কৰিছিল অভিনেত্ৰী গৰাকীয়ে। কিন্তু এই আটাইবোৰ কথাৰ প্ৰত্যেকেটোৰে প্ৰত্যুত্তৰ দিছে এতিয়া সুশান্তৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে। শ্বেতাই প্ৰথমটো টুইট কৰি লিখে যে, ” উফফ, ভাই যদি লগেই নাপালেহেঁতেন এই গৰাকী ছোৱালীক। কাৰোবাৰ অমতত ড্ৰাগ দিয়া আৰু তাৰ পিছত তাক বুজোৱা যে “তুমি ঠিক নহয়” আৰু তাৰ পিছত মনোচিকিৎসকৰ ওচৰলৈ লৈ যোৱা। কোনটো স্তৰৰ প্ৰতাৰণা এয়া? নিজৰ আত্মাক কেনেদৰে পাপমুক্ত কৰিব! তুমি বহু কিবা কিবি কৰি দিলা।”

ৰিয়াই সংবাদ মাধ্যমলৈ আহি সুশান্তৰ বিষয়টোক ঋণাত্মক ধৰণে প্ৰচাৰ কৰাক লৈয়ো শ্বেতাই টুইট কৰে। ৰিয়াই নাৰকোতিক পদাৰ্থবোৰ গ্ৰহণ কৰাক লৈয়ো শ্বেতাই উত্তৰ দিয়ে যে, “তোমাৰ ওচৰত ইমান সাহস আছে যে তুমি টেলিভিছন পৰ্দালৈ আহি মোৰ পৱিত্ৰ ভাইৰ মৃত্যুৰ কথাটোক ঋণাত্মক ভাৱে প্ৰচাৰ কৰিবা! তোমাৰ কি লাগে যে তুমি যি কৰিলা সেয়া ভগৱানে নাই দেখা! মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে যে মই এতিয়া চাব বিচাৰিছো তেওঁ তোমাৰ সৈতে কি কৰে।”


তাৰ পিছত আন এটা টুইট কৰি শ্বেতাই লিখে যে, “যেনেদৰে ৰিয়াই কৈছে যে আমি আমাৰ ভাইক ভাল নাপাইছিলো। ভাল কথা, সেইবাবেইটো মই যেতিয়াই জানিব পাৰিছিলো যে জানুৱাৰীত ভাই চণ্ডীগড় আহি আছে; মই আমেৰিকাৰ পৰা ভাৰতলৈ গুচি গৈছিলো। মই নিজৰ বিজনেছ লগতে নিজৰ সন্তানক এৰি অকলে গুচি গৈছিলো। কিন্তু মই যেতিয়ালৈ ভাৰত পালোহি তেতিয়ালৈ তেওঁ চণ্ডীগড় এৰি গুচি গৈছিল কিয়নো ৰিয়াই বহুবাৰ ফোন কৰি তাক অশান্তি কৰি আছিল। ভাইৰ পৰিয়াল তেওঁৰ সৈতে সদায় ওখ “চট্টান” হৈ থিয় হৈ আছিল।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform