Rupaliparda.com
পল্লৱী প্ৰয়াসীৰ আন এটি ৰোমান্টিক গীত "অনুৰাগে" ৰ বাবে অপেক্ষাৰত অনুৰাগীঃ 1

পল্লৱী প্ৰয়াসীৰ আন এটি ৰোমান্টিক গীত “অনুৰাগে” ৰ বাবে অপেক্ষাৰত অনুৰাগীঃ

এগৰাকী সংগীতশিল্পী, অভিনেতা-অভিনেত্ৰী ৰূপে তেওঁলোকৰ এই মনোৰঞ্জন ক্ষেত্ৰখনত দায়বদ্ধতা হৈছে একমাত্ৰ মনোৰঞ্জন প্ৰদান কৰা। নিজ অনুৰাগী অথবা দৰ্শক সকলক আমোদ প্ৰদান কৰাই হৈছে “শিল্পী” সকলৰ উল্লেখনীয় দায়িত্বৰ মাজৰ এটা। অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত যদিও বৰ্তমান কিছুমান নাপাতিবলগীয়া কথা অথবা সমালোচনাৰ সংযোজন ঘটিছে তৎস্বত্বেও ক্ষেত্ৰখনত অন্তৰ্ভূক্ত গায়ক-গায়িকাৰ সংখ্যা লেখত ল’বলগীয়া। আকৌ এটা ৰোমান্টিক গীতৰ সৈতে আহিবলৈ সাজু হৈছে এগৰাকী কন্ঠশিল্পী পল্লৱী প্ৰয়াসী; সৰুৰে পৰা সাংগীতিক ক্ষেত্ৰখনৰ সৈতে জড়িত পল্লৱী প্ৰয়াসীয়ে ২০১২ চনৰ পৰা পেছাগতভাৱে সোমাই পৰিছিল এই ক্ষেত্ৰখনত। সহকাৰী গায়িকা ৰূপে কেইবাটাও ভাষা অৰ্থাৎ অসমীয়া, নেপালী, বড়ো, মিছিং, আদিবাসী আদি ভাষাত কন্ঠদান কৰাৰ লগতে চুটি ছবি, ধাৰাবাহিকতো কন্ঠশিল্পী গৰাকীয়ে কাম কৰিছে। “চেংকলিদৈ”, “পাটমাদৈ” আদি বিহুসুৰীয়া গীত তথা “দেশী গাৰ্ল” নামৰ গীতকেইটিয়ে ইতিমধ্যে পল্লৱীৰ কন্ঠৰে মুক্তি লাভ কৰিছে।

পল্লৱী প্ৰয়াসীৰ আন এটি ৰোমান্টিক গীত "অনুৰাগে" ৰ বাবে অপেক্ষাৰত অনুৰাগীঃ 2


উল্লেখ্য যে, চেপ্তেম্বৰত মুক্তি পাবলগীয়া “অনুৰাগে” শীৰ্ষক গীতটিত কন্ঠদানৰ লগতে ইয়াত কথা আৰু সুৰো হৈছে পল্লৱী প্ৰয়াসীৰ। দ্বৈতভাৱে কন্ঠদান কৰিবলগীয়া এই গীতটিত সংগীত দিছে প্ৰাণদীপ দাসে। প্ৰায়ে ন-ন গীতৰ খবৰেৰে আগবঢ়া পল্লৱীৰ এই গীতটিৰ বাবেও অনুৰাগী উৎসাহী হৈ পৰিছে। কৃষ্ণমণি চুতীয়া, আচুৰ্য্য বৰপাত্ৰকে ধৰি আন কেইবাগৰাকীও গায়কৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰি জনপ্ৰিয়তা লাভ কৰিছিল পল্লৱীয়ে। কন্ঠশিল্পী গৰাকীয়ে তেওঁৰ প্ৰায় গীত নিজ প্ৰডাকচন হাউচ “ড্ৰনাক্স” ৰ পৰাই মুক্তি দিয়ে।

পল্লৱী প্ৰয়াসীৰ আন এটি ৰোমান্টিক গীত "অনুৰাগে" ৰ বাবে অপেক্ষাৰত অনুৰাগীঃ 3


আগন্তুক সময়ত ৰোমান্টিক গীতৰ সৈতে আহিবলগীয়া পল্লৱীৰ এই গীতটিৰ বাবে তেওঁক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply