Rupaliparda.com
"কাকনো বুলিবা ককা, সকলোৰে দাৰি-চুলি পকা"- অমিতাভ বৰা 1

“কাকনো বুলিবা ককা, সকলোৰে দাৰি-চুলি পকা”- অমিতাভ বৰা

“লক-ডাউন” ৰ সময়ছোৱাত য’ত এফালে মনোৰঞ্জনৰ বিভিন্নটা বিষয়বস্তু দেখিবলৈ পোৱা গৈছিল; তাৰ মাজতেই এতিয়া মনোৰঞ্জন ক্ষেত্ৰখনত বহুল ৰূপত সোমাইছে ৰাজনীতি। সকলোৱে “শিল্পী” ক আখ্যা দিছে “চিল্পী” অথবা “সুবিধাবাদী”; চলিছে ৰাজনীতি আৰু তাতেই একাংশই ধুইছে হাত। এই বিষয়ত ৰূপালীপৰ্দাই বিগত দিনত বহুকেইজন অইন লোকৰ পৰা এই বিষয়ত মতামত গ্ৰহণ কৰিছিল; তাৰ মাজতেই এগৰাকী হৈছে পৰিচালক তথা গায়ক অমিতাভ বৰা। তেওঁক এই বিষয়ত প্ৰশ্ন কৰাত যথেষ্ট খিনি কথাৰে নিজ মতামত ব্যক্ত কৰিছে; তেওঁ কয় যে, “শিল্পী হওঁক বা বেলেগ কোনোৱে জনেই হওঁক আৰু ৰাজনীতি হওঁক অথবা অন্য কোনো ক্ষেত্ৰতেই হওঁক; আমাৰ মনোবৃত্তি, উদ্দেশ্য ঠিক হ’ব লাগে। কেৱল ব্যক্তিগত স্বাৰ্থৰ মতলবত যিকোনো কাম কৰাটো বেয়া কথা; কামটোও বেয়া হয় আৰু সমাজ খনৰ অনিষ্টও হয়। এতিয়া ধৰা এগৰাকী ডাক্তৰে মাত্ৰ কেৱল টকা ঘটাৰেই মানসিকতা ৰাখিছে, তেতিয়া সেই ডাক্তৰ জন কেতিয়াও “ভাল ডাক্তৰ” হ’ব নোৱাৰে। ঠিক তেনেদৰেই আমাৰ মাজৰ শিল্পী কেইগৰাকীয়ে ৰাজনীতিত নামিছে; নামক, সেয়া তেওঁলোকৰ একান্ত ব্যক্তিগত সিদ্ধান্ত। কিন্তু, তেওঁলোকৰ বৰ্তমানৰ কথা-চাল চলন ইত্যাদি একেবাৰেই ভৰষাৰ যোগ্য নহয়। সুবিধাবাদী দৰেই অনুভৱ হয়; এতিয়া এনে সময়ত তেওঁলোকে সমাজৰ হৈ কিমান কাম কৰিব সেয়া একেবাৰে সন্দেহৰ আৱৰ্তত।”

"কাকনো বুলিবা ককা, সকলোৰে দাৰি-চুলি পকা"- অমিতাভ বৰা 2


আনহাতে অমিতাভ বৰাই কয় যে, “এনেই সমাজত দূনীৰ্তি আৰু লেতেৰা ৰাজনীতিয়ে নিজৰ ঠাই বিস্তাৰ কৰিছে। আৰু, তাতেই যদি খেলি-মেলি মানুহবোৰ সোমাই পৰে তেতিয়া পৰিৱেশটো আৰু অধিক নষ্ট হ’ব পাৰে বুলি মই ভাৱো। লগতে, মই আশা কৰো যে আমাৰ অসমৰ মানুহ খিনিয়ে যাতে ভোট প্ৰদান কৰাৰ সময়ত প্ৰাৰ্থীজনক চালি-জাৰি চায়। ভাল গান গায় অথবা ৰাইজৰ প্ৰিয় অভিনেতা-অভিনেত্ৰী হ’ল বুলিয়ে যদি ভোট প্ৰদান কৰে তেতিয়াহ’লে সেয়া বেয়া কথা হ’ব। কিন্তু এটা কথা কি জানানে? “কাকনো বুলিবা ককা, সকলোৰে দাৰি-চুলি পকা”। মই এইটোও কোৱা নাই যে আমি সকলো ভাল অথবা ধোৱা তুলসীৰ পাত; আমাৰ সকলোৰে বেয়া-ভাল আছেই, তথাপিও তাৰ মাজতো মই আশা কৰিছো যাতে সকলোৱে অলপ হ’লেও দেশ আৰু সমাজৰ চিন্তা কৰি কামবোৰ কৰক। নিজৰ স্বাৰ্থটোৱে যাতে চাই নুফুৰক।”

"কাকনো বুলিবা ককা, সকলোৰে দাৰি-চুলি পকা"- অমিতাভ বৰা 3


অমিতাভ বৰাৰ লগতে আন বহু কলা-কুশলীয়ে কৰা কিছুমান মন্তব্যই পূৰ্বতকৈ কিছু হ’লেও সঁকাহ প্ৰদান কৰিবলৈ সক্ষম হৈ পৰিছে। “তোমাৰ মৰমে মোক” শীৰ্ষক জনপ্ৰিয় ধাৰাবাহিক খনৰ পৰিচালক লগতে এগৰাকী সংগীত শিল্পীৰ বহু কথাই পূৰ্বেও তেওঁৰ অনুৰাগী কৰি তুলিছিল বহু অসমীয়া সৰ্বসাধাৰণ ৰাইজক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.