সুশান্ত সিং ৰাজপুত মৃত্যুৰ বিষয়টোত চি.বি.আইয়ে ইতিমধ্যে ১২ দিন পৰ্যন্ত নিজ সোধ-পোছ অব্যাহত ৰাখিছে। মংগলবাৰৰ দিনটোত ৰিয়া চক্ৰৱৰ্তীৰ অভিভাৱক ক্ৰমে ইন্দ্ৰজিৎ চক্ৰৱৰ্তী আৰু সন্ধ্যা চক্ৰৱৰ্তীৰ সৈতে প্ৰায় ৮ ঘন্টা সময় সোধ-পোছ অব্যাহত ৰাখিছিল চি.বি.আইয়ে। এইক্ষেত্ৰত অভিনেত্ৰী গৰাকীৰ অভিভাৱকক বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰা হৈছিল। পুৱা ১১ বজাত অভিনেত্ৰী গৰাকীৰ পিতৃ-মাতৃ সাত্ৰাকুঞ্জ কালীনাস্থিত ডি.আৰ.ডিঅ অফিচৰ গেষ্ট হাউচত উপস্থিত হয়। চি.বি.আইয়ে তেওঁলোকক ৰিয়াৰ সম্পৰ্ক, ৰিয়াই সুশান্তৰ বাসগৃহ এৰাৰ কাৰণ লগতে আৰ্থিক লেন-দেন আদিকে ধৰি ভিন্নটা প্ৰশ্নৰ উত্থাপন কৰে চি.বি.আইয়ে তেওঁলোকৰ পিতৃ-মাতৃৰ ওপৰত। ৰিপোৰ্টনুসৰি, ৮ জুন তাৰিখ অৰ্থাৎ ৰিয়াই সুশান্তৰ বাসগৃহ এৰাৰ পৰা আৰম্ভ কৰি ৰিয়াৰ মহেশ ভাটৰ সৈতে থকা সম্পৰ্কৰ উত্তৰো দিবলগীয়া হয় ৰিয়াৰ পিতৃ-মাতৃয়ে। ব্যক্তিগত জীৱন তথা ৰিয়াই সুশান্তৰ সৈতে ইউৰোপলৈ যোৱা আৰু ড্ৰাগছ কানেকচনৰ ওপৰতো প্ৰশ্নৰ উত্থাপন কৰে চি.বি.আইয়ে।


সুশান্তৰ পিতৃ কে কে সিঙে ৰিয়াৰ ওপৰত কেইবাটাও ধাৰাত এজাহাৰ দাখিল কৰে। আচলতে, এয়াও শুনিবলৈ পোৱা গৈছিল যে ৰিয়াৰ পিতৃ ইন্দ্ৰজিৎ চক্ৰৱৰ্তীয়ে ৰিয়া আৰু সুশান্তৰ সম্পৰ্কত পাৰ্যমানে দখল দিছিল লগতে ইন্দ্ৰজিতে সুশান্তকো বহুখিনি ঔষধৰ পৰামৰ্শও দিছিল। ৰিয়া আৰু মহেশ ভাটৰ মাজৰ ৱাটচআপ কথোপকথনৰ দ্বাৰা এনেও লাগিছিল যে ইন্দ্ৰজিতে ৰিয়া আৰু সুশান্তৰ সম্পৰ্কত সন্মতি জনোৱা নাছিল।
Add comment