Rupaliparda.com
আশাতকৈও অধিক উৰ্দ্ধত হ'ব "স্ত্ৰী ২"- পৰিচালকৰ স্পষ্টীকৰণঃ 1

আশাতকৈও অধিক উৰ্দ্ধত হ’ব “স্ত্ৰী ২”- পৰিচালকৰ স্পষ্টীকৰণঃ

বলীউডৰ হ’ৰৰ কমেডী ছবি “স্ত্ৰী” য়ে বহু দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। আপোনালোকেও হয়টো জানিবলৈ পাই সুখী হ’ব আহিবলগীয়া সময়ত এই ছবিখনৰ চিকুৱেল নিৰ্মাণ কৰা হ’ব; আৰু বৰ্তমান ইয়াক লৈ পূৰ্ণ ৰূপত কাম চলি আছে। ৰাজকুমাৰ ৰাওঁ, শ্ৰদ্ধা কাপুৰ অভিনীত এই ছবিখনৰ চিকুৱেল নিৰ্মাণৰ কথা জানিবলৈ দিয়ে ছবিখনৰ নিৰ্দেশক অমৰ কৌশিকে। অমৰ কৌশিকে কয় যে, “ছবিখনৰ প্ৰথমটো সংস্কৰণৰ পিছতেই ইয়াৰ দ্বিতীয়টো সংস্কৰণৰ বাবে কাহিনী প্ৰস্তুত হৈ পৰিছিল। প্ৰথম খনৰ অন্ত এনেকুৱাই আছিল বাবে আমি ইয়াত সাল সলনি কৰা নাছিলো কাৰণ আমি আগৰ পৰাই জানিছিলো যে ছবিখনৰ দ্বিতীয় পাৰ্টটো কেনে হ’ব! এইখন ছবিৰ বিষয়ে আমি এয়াই ভাবিছিলো যে যদি এইখন চলি যায় তেনেহ’লে ইয়াৰ ওপৰত আৰু কেইবাখনো ছবি নিৰ্মাণ হ’ব। মই ছবিখনৰ চৰিত্ৰটো বোৰ দৌৰি ঢাপলি, ইজনৰ ওপৰত সিজনৰ কথা ৰাখি অতিমাত্ৰা হাস্যৰসিক ইয়াক কৰিব বিচৰা নাছিলো। এটা দৃশ্যৰ পৰা আন এটা হ’ৰৰ দৃশ্যলৈ যোৱাটো কষ্টকৰ আছিল কাৰণ দৰ্শকক হাস্যৰস প্ৰদান কৰা অথবা ভয় খুওঁৱাটো সহজ নাছিল।”

আশাতকৈও অধিক উৰ্দ্ধত হ'ব "স্ত্ৰী ২"- পৰিচালকৰ স্পষ্টীকৰণঃ 2
আশাতকৈও অধিক উৰ্দ্ধত হ'ব "স্ত্ৰী ২"- পৰিচালকৰ স্পষ্টীকৰণঃ 3


তেওঁ আগলৈ কয় যে, “স্ত্ৰী” ছবিখনৰ শেষৰটো ভাগত যেতিয়া পিশাচিনী গৰাকীৰ লগত ৰাজকুমাৰ ৰাওঁৰ দৃশ্য লোৱা হৈছিল সেইটো সময়ত ৰাজকুমাৰে নিজাববীয়াকৈ কিছুমান সংলাপ সংলগ্ন কৰিছিল। মই নিবিচাৰো এইখন কেৱল হ’ৰৰ অথবা কমেডী ছবিয়েই হৈ ৰওঁক। নিৰ্মাতা, কলা-কুশলীতকৈ অধিক ছবিখনৰ বাবে অপেক্ষাৰত বৰ্তমান দৰ্শক বৃন্দ। “স্ত্ৰী ২” দৰ্শকে ভবাতকৈও উৰ্দ্ধত হ’ব; আমি ছবিখনৰ চিকুৱেল কেৱল টকা পাবলৈয়ে নিৰ্মাণ কৰিব বিচৰা নাই। যেতিয়াই ইয়াৰ স্ক্ৰীপ্ট সম্পূৰ্ণ হ’ব তেতিয়াই ছবিৰ কাম আৰম্ভ হ’ব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform