Rupaliparda.com
ধোঁৱা চাঙত "সামাজিক দূৰত্ব"- ৰিচা চড্ডাৰো ক্ষোভঃ 1

ধোঁৱা চাঙত “সামাজিক দূৰত্ব”- ৰিচা চড্ডাৰো ক্ষোভঃ

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বিষয়টোত বৰ্তমান সাঙুৰ খাইছে ড্ৰাগছৰ বিষয়। বিভিন্ন বিষয়ত ইয়াৰ বিচাৰ কৰা পিছতেই নাৰকোটিক্স বিভাগে ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃৰ সহিতে কেইবাগৰাকীও ব্যক্তিক নিজৰ জিম্মাত লৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। ঠিক এনেক্ষেত্ৰতেই ৰিয়া চক্ৰৱৰ্তীকো দেওবাৰৰ দিনটোত সোধ-পোছৰ বাবে মতাই অনা হয়। এনচিবিৰ কাৰ্যালয়ত উপস্থিত হোৱা সময়তে একাংশ লোকে ৰিয়া চক্ৰৱৰ্তীক ঘেৰাও কৰা দেখিবলৈ পাইয়ে নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে অভিনেত্ৰী ৰিচা চড্ডাই। আচলতে, যেতিয়া ৰিয়া চক্ৰৱৰ্তী এন.চি.বি কাৰ্যালয়লৈ গৈ আছিল সেইটো সময়তে কেইবাটাও সংবাদ মাধ্যমৰ সংবাদকৰ্মী লগতে অন্য সৰ্বসাধাৰণ লোকেও আহি অভিনেত্ৰী ৰিয়াক আগবাঢ়ি যাবলৈ নিদিয়াৰ উপক্ৰম আহি পৰিছিল। জনসাধাৰণৰ ব্যৱহাৰ আৰু ভিৰ তথা ৰিয়াক কৰা ঘেৰাও দেখি চচিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰে অভিনেত্ৰী ৰিচা চড্ডাই। সম্প্ৰতি সময়ত মহামাৰীয়ে লোৱা ভয়ংকৰ ৰূপক বাধা দিবলৈ একমাত্ৰ প্ৰয়োজন সজাগতা আৰু সচেতনতাৰ। সামাজিত দূৰত্ব এনেক্ষেত্ৰত এক প্ৰধান উপায় ৰূপে পৰিগণিত কৰিছে ভাৰত চৰকাৰে; তৎস্বত্বেও সৰ্বসাধাৰণ ৰাইজে কৰা এনে আচৰণত ক্ষোভিত হৈছে ৰিচা।

ধোঁৱা চাঙত "সামাজিক দূৰত্ব"- ৰিচা চড্ডাৰো ক্ষোভঃ 2

তেওঁ চচিয়েল মিডিয়াত পোষ্ট কৰি কয় যে, “ৰসাতলে যাওঁক সামাজিক দূৰত্ব।” সক্ৰিয় ৰূপে চচিয়েল মিডিয়াত থকা ৰিচাই প্ৰায় বিষয়ত নিজ মত ব্যক্ত কৰে। “ঔ লাক্কী, লাক্কী ঔ” ত এটা সৰু চৰিত্ৰ ৰূপায়ন কৰা পিছত ঋষা চড্ডাই বহু ছবিত সহযোগী চৰিত্ৰ ৰূপায়ন কৰে। তেওঁ দৰ্শকক অধিক আকৰ্ষিত কৰে অনুৰাগ কাশ্যপৰ ছবি “গেংগছ অৱ ৱাছিপুৰ” ৰ পৰাহে। ১৯৮৮ চনত জন্মলাভ কৰা এই গৰাকী অভিনেত্ৰীয়ে প্ৰথমতে মডেলিঙৰ পৰা আৰম্ভ কৰিছিল নিজ কেৰিয়াৰ।

Add comment

Leave a Reply