Rupaliparda.com
"বেলেগ বেলেগ আৰ্ট ফৰ্মবোৰ লগলগাই এটা "কাম" হিচাপে উপস্থাপন কৰিবলৈ"- প্ৰিয়ংকা চহৰীয়া 1

“বেলেগ বেলেগ আৰ্ট ফৰ্মবোৰ লগলগাই এটা “কাম” হিচাপে উপস্থাপন কৰিবলৈ”- প্ৰিয়ংকা চহৰীয়া

নৱপ্ৰজন্মৰ প্ৰতিভা আমি নুই কৰিব নোৱাৰো। প্ৰতিটো সময়ত তেওঁলোকে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি জনসাধাৰণক আপ্লুত কৰাৰ প্ৰচেষ্টা চলাইছে। কেৱল মাত্ৰ এটা দিশ বুলিয়েই নহয়; প্ৰতিটো দিশত সমানেই সামঞ্জস্য ৰাখি এই প্ৰতিভাৰ ক্ষেত্ৰখনত আগবাঢ়িছে এওঁলোক। আজি আমি এনে এগৰাকী প্ৰতিভাৰ বিষয়েই কথা পাতিম; তেওঁৰ নাম হৈছে প্ৰিয়ংকা চহৰীয়া। পৰিচালনা তথা সংগীত ক্ষেত্ৰখনত সমানেই নিজক চিনাকী কৰোৱাই অহা এইগৰাকী পৰিচালক আৰু সংগীতশিল্পীয়ে ইতিমধ্যে বিভিন্নটা প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ উপৰিও জনসাধাৰণৰ বহুল প্ৰশংসা লাভ কৰিবলৈও সক্ষম হৈছে। কটন ৰাজ্যিক বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী প্ৰিয়ংকাৰ সৈতে ৰূপালীপৰ্দাৰ এক এক্সক্লুচিভ কথা-বতৰাত তেওঁক মনোৰঞ্জন ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ জনায় যে, ” আচলতে মনোৰঞ্জন ক্ষেত্ৰখনত কেতিয়াৰ পৰা বুলি ক’লে ক’ব লাগিব যে মই সৰুৰে পৰাই গীত গাওঁ আৰু লিখা মেলা কৰো। সৰুতেই শাস্ত্ৰীয় সংগীতৰ শিক্ষা ও গ্ৰহণ কৰিছিলো; কলেজীয়া দিনবোৰত শ্ৰেষ্ঠ গায়িকাৰ সন্মানো লাভ কৰিছিলো লগতে অনাঁতাৰ শিল্পী ৰূপেও মোৰ এক চিনাকী আছিল। ঠিক তেনেকৈ, সৰুতে বহুত নাটক লিখিছিলো আৰু সেইবোৰ পৰিচালনাও কৰিছিলো স্কুলৰ বাৰ্ষিক অধিবেশনৰ দিনবোৰত। তেনেকৈ, গীত, কবিতা, কাহিনী সদায় জীৱন বাটৰ লগৰীয়া যদিও মোৰ প্ৰথম নিজৰ সৃষ্টি উলিয়াই দিছিলো ২০১৫ চনতহে। “আবেলিৰ ৰ’দালি” শীৰ্ষক গীতটি আছিল মোৰ পেছাগত জীৱনৰ প্ৰথমটো সৃষ্টি; তেতিয়াৰ পৰাই মই মনোৰঞ্জন ক্ষেত্ৰখনৰ লগত জড়িত বুলি ক’ব পাৰি।

"বেলেগ বেলেগ আৰ্ট ফৰ্মবোৰ লগলগাই এটা "কাম" হিচাপে উপস্থাপন কৰিবলৈ"- প্ৰিয়ংকা চহৰীয়া 2
"বেলেগ বেলেগ আৰ্ট ফৰ্মবোৰ লগলগাই এটা "কাম" হিচাপে উপস্থাপন কৰিবলৈ"- প্ৰিয়ংকা চহৰীয়া 3


আগন্তুক পৰিকল্পনাৰ বিষয়ে সোধাত তেওঁ কয় যে,” বৰ্তমান এখন ব্যতিক্ৰমী চুটি ছবিৰ ওপৰত কাম কৰি আছো। আগন্তুক দিনবোৰত বহুখিনি প্ৰকল্প হাতত লৈছো; তাৰ মাজত আছে গীত, কবিতা আৰু কেইখনমান চুটি ছবি। আশা কৰো, অতি শীঘ্ৰেই দৰ্শকৰ মাজলৈ আগবঢ়াব পাৰিম। ইয়াৰ লগতে তেওঁক তেওঁৰ প্ৰতিভাৰ দুই দিশৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, ” পৰিচালনা আৰু সংগীত এই দুয়োটা বস্তুকেই মোৰ জীৱনত এক সুকীয়া স্থান মই দিছে। জীৱন যাত্ৰাৰ প্ৰতিটো কথা, প্ৰতিটো কাহিনী মই এক সুকীয়া ভাৱে পৰ্যবেক্ষণ কৰি ভাল পাওঁ। সেই দৃষ্টিভংগীৰেই কিছুমান শব্দ গোটাই তাক গীতৰ ৰূপ দি এটা কাহিনী সজাওঁ। আচলতে, মোৰ ভাল লাগে এই বেলেগ বেলেগ আৰ্ট ফৰ্মবোৰ লগলগাই এটা “কাম” হিচাপে উপস্থাপন কৰিবলৈ।”

"বেলেগ বেলেগ আৰ্ট ফৰ্মবোৰ লগলগাই এটা "কাম" হিচাপে উপস্থাপন কৰিবলৈ"- প্ৰিয়ংকা চহৰীয়া 4


শিল্পীগৰাকীৰ উক্ত প্ৰতিটো কথাৰ পৰাই এটা কথা নিশ্চিত হৈ পৰে যে এই প্ৰতিভাৰ ক্ষেত্ৰখনত জনসাধাৰণৰ মনোৰঞ্জনৰ বাবে কিবা এটা কৰাৰ তেওঁৰ দূৰ্বাৰ হেঁপাহ। সেইবাবেই, আগন্তুক প্ৰতিটো প্ৰকল্পৰ বাবে প্ৰিয়ংকা চহৰীয়াক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো অলেখ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform