Rupaliparda.com
এদিনৰ সাদৰ তথা শ্ৰদ্ধা; তাৰ পিছত বিৱৰ্ণ "বিশ্বকৰ্মা ভাই"- 1

এদিনৰ সাদৰ তথা শ্ৰদ্ধা; তাৰ পিছত বিৱৰ্ণ “বিশ্বকৰ্মা ভাই”-

আৰম্ভ হৈছে উৎসৱৰ সময়। আজি বিশ্বকৰ্মা পূজা; সৰ্বত্ৰে উদযাপন কৰা হৈছে বিশ্বকৰ্মা পূজা। একোটা মূৰ্তিক উলহ-মালহেৰে লৈ গৈ নিজ বাসগৃহ তথা নিজ নিজ কৰ্মস্থানত স্থাপিত কৰা পিছত পৱিত্ৰ মনেৰে পূজা ভাগ আগবঢ়োৱা হয় আজিৰ দিনটোত। কিন্তু, এতিয়া প্ৰশ্ন হয়; আজিৰ এই দিনটোৰ পিছত মূৰ্তি সমূহৰ বিকল্প কি? ক’ত ৰখা হ’ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে মূৰ্তি সমূহক ৰখা হ’ব কেনেকৈ? আজিৰ দিনটোত কৰা আৰাধনাৰ পিছত কাইলৈৰ দিনটোৰ পৰা মূৰ্তি সমূহৰ হোৱা পৰিস্থিতি বোৰ দেখিবলৈ একেবাৰেই সুলভ। এনে কিছু কথাক লৈয়ে বিগত তিনি বছৰ পূৰ্বে কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে নিৰ্মান কৰি উলিয়াইছিল এখন চুটি ছবি “বিশ্বকৰ্মা ভাই”। ২০১৭ চনত নিৰ্মিত প্ৰায় ৬ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনত এখন সুলভ অথচ সচৰাচৰ জনসাধাৰণে দেখিবলৈ পোৱা এক দৃশ্যৰ উপস্থাপন কৰা হৈছিল।

আদনান আশ্ৰফৰ দ্বাৰা পৰিচালনা আৰু চিত্ৰনাট্যৰে নিৰ্মিত চুটি ছবিখনৰ কাহিনী মিনাংক ডেকাৰ। ইয়াত অভিনয় কৰিছে প্ৰদ্যুন্ম কুমাৰ গগৈ আৰু ছবিখনৰ প্ৰযোজনা মিনাংক ডেকাৰ। নিপ জ্যোতি বৰ্মনৰ দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰে এই চুটি ছবিখনৰ সহঃ দৃশ্যগ্ৰহণকাৰী জ্যোতিষ্মান দাস। এদিন কৰা সাদৰ আৰু মৰমৰ পিছত দ্বিতীয় দিনাখন কৰা ককৰ্থনা মানৱ সমাজৰ লক্ষণ ৰূপে চিহ্নিত কৰা হৈছে; এই নিয়মবোৰ একোজন সাধাৰণ ৰাইজৰ লগত প্ৰযোজ্য হোৱাৰ সমান্তৰালকৈ মূৰ্তি সমূহৰ লগতো কৰা হয়। এই আটাইবোৰ কথাক অতি সময়ৰ ভিতৰত সুন্দৰকৈ কম উপস্থাপন কৰা হৈছে চুটি ছবি “বিশ্বকৰ্মা ভাই” ত।

এদিনৰ সাদৰ তথা শ্ৰদ্ধা; তাৰ পিছত বিৱৰ্ণ "বিশ্বকৰ্মা ভাই"- 2

যিকোনো পূজাৰ পিছত ঠাই সমূহৰ এটা চুকত বিষণ্ন তথা বিৱৰ্ণ হৈ পৰি ৰোৱা দেখিবলৈ পোৱা যায় ভগৱানৰ মূৰ্তিক। এদিনৰ শ্ৰদ্ধা যেন দ্বিতীয় দিনাৰ ফুটুকাৰ ফেনতহে পৰিণত হয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.