“লক-ডাউন” আৰু চুটি ছবিৰ এক সুন্দৰ সম্পৰ্ক গঢ় লৈ উঠিছে। একোখনকৈ সুন্দৰ চুটি ছবিয়ে প্ৰশংসা লাভ কৰাৰ উপৰিও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লাভ কৰিছে বঁটা। বিগত ৭-৮ মাহ মানৰ পৰাই চুটি ছবিসমূহে এক অন্য দৃষ্টিভংগীৰ সৃষ্টি কৰিছে জনসাধাৰণ সমূহৰ মাজত। প্ৰেম, বিদ্ৰোহ, ৰাজনৈতিক, থ্ৰীলাৰ অথবা চাচপেন্স আদি ভিন্ন বিষয়বস্তুৰে নিৰ্মিত একোখন চুটি ছবি আপোনালোকে ইতিমধ্যে উপভোগ কৰিছে বিগত “লক-ডাউন” ৰ সময়ছোৱাত। চুটি ছবি সমূহক দৰ্শকে দিয়া সঁহাৰিত দুগুণে উৎসাহ লাভ কৰা একাংশ নৱপ্ৰজন্মৰ পৰিচালক, শিল্পী ও কলা-কুশলীয়ে আৰম্ভ কৰিছে কেইবাখনো হৃদয়স্পৰ্শী বিষয়বস্তুৰে নিৰ্মিত চুটি ছবিৰ। শেহতীয়াকৈ “Pumpkin Boys” শীৰ্ষক এখন চুটি ছবিৰে এক সৰু প্ৰয়াস কৰিছিল নতুনকৈ এই ক্ষেত্ৰখনৰ সৈতে জড়িত কেইবাগৰাকীও যুৱকে। ৬ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনৰ পৰিচালনাৰ লগতে চিত্ৰনাট্য আৰু সম্পাদনা মৃন্ময় বড়োৰ।
“লক-ডাউনে” জুৰুলা কৰা একাংশ খাঁটি খোৱা লোকৰ পৰিস্থিতিক উপস্থাপনেৰে নিৰ্মাণ কৰি উলিওৱা হৈছিল উক্ত চুটি ছবিখনত। গাঁৱৰ তিনি যুৱকে নিবনুৱা সমস্যাৰ বশৱৰ্তী নহৈ পেলায় নিজাববীয়াকৈ আৰম্ভ কৰা ব্যৱসায়ত যেতিয়া ক’ৰোণা মহামাৰীয়ে প্ৰশ্নৰ সৃষ্টি কৰিলে তেতিয়া তেওঁলোকৰ মানসিক অৱস্থাটো কেনে হ’ব পাৰে তাৰ ওপৰত কেন্দ্ৰ কৰিয়েই চুটি ছবিখনৰ কাহিনীভাগ নিৰ্মাণ কৰা হৈছিল। কাহিনীটো সৰু তথা হৃদয়স্পৰ্শী; চুটি ছবিখনত অভিনয় কৰিছে মানস প্ৰতীম শৰ্মা, অমিত লাল আৰু মৃন্ময় বড়োই। ইয়াত অভিনীত অভিনেতা সমূহে নিজৰ অভিনয় কিছু ক্ষেত্ৰত আৰু অধিক উন্নত কৰিব পৰা গ’লহেঁতেন যেন অনুভৱ হৈছে লগতে কিছুক্ষেত্ৰত চুটি ছবিখনত সুঁহুতীয়া ৰস মিশ্ৰণ কৰিব পৰা গ’লহেঁতেন যদিও ই অভিনয়ৰ ক্ষেত্ৰত ধাৰাবাহিকতা নৰখাৰ বাবেই যেন ৰৈ গৈছে।

তৎস্বত্বেও, এটি বিষয়ক উপস্থাপন কৰা ক্ষেত্ৰত এওঁলোক সফল বুলিয়েই ক’ব পৰা যায়। চুটি ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে ৰাহুল দাসে।
Add comment