সদ্যমুক্তিপ্ৰাপ্ত “তুমি তুমি লগা” লগতে “প্ৰতিটো পল, প্ৰতি উশাহতে যে তুমি” শীৰ্ষক গীত দুটি নৱপ্ৰজন্মৰ বাবে চিনাকী গীত। নহয়নে? ৰোমান্টিক ধৰ্মী এই গীত দুটি উপভোগো কৰিছে হয়টো আপোনালোকে। নৱপ্ৰজন্মৰ কন্ঠশিল্পী আৰু বৰ্তমান সময়ত সাংস্কৃতিক ক্ষেত্ৰখনত নিজৰ চিনাকী কৰোৱাবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা এগৰাকী যুৱক। অনুৰাগ শইকীয়া; বিদ্যালয়ৰ নিয়মিত ভাৱে হোৱা সংগীতৰ ক্লাছত গৈ গীত শিকিবলৈ ইচ্ছা প্ৰকাশ কৰা অনুৰাগৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ কথা-বতৰা যোগে তেওঁ জনায় যে, “সংগীত ক্ষেত্ৰখনত চতূৰ্থ শ্ৰেণীৰ পৰাই জড়িত হৈছিলো। স্কুলত হোৱা সংগীত শ্ৰেণীটোতেই মৃদুলা দত্ত বাইদেউৱে সংগীতৰ বিভিন্ন ধাৰাৰ সৈতে আমাৰ চিনাকী কৰোৱাইছিল। কেতিয়াবা অকলশৰীয়াকৈও গাবলৈ কৈছিল; যেতিয়া মোক এবাৰ অকলশৰীয়াকৈ গাবলৈ দিছিল তেতিয়া মোৰ কন্ঠ বাইদেউৱে ভাল পায় মোৰ ঘৰটো তেওঁ ফোন কৰি কথাটো জনাইছিল। তাৰ পিছত মোক গীতা বৰা বাইদেউৱে সংগীতৰ শিক্ষা দিবলৈ আৰম্ভ কৰিছিল।”
শ্ৰোতাক আকৰ্ষণ কৰিব পৰা বিধৰ কি গুণ তেওঁৰ সংগীত সমূহত আছে বুলি তেওঁ ভাৱে? উক্ত প্ৰশ্নটোৰ উত্তৰত অনুৰাগে জনাইছিল যে, “মই সংগীত ক্ষেত্ৰখনত একেবাৰেই নতুন। মোক শ্ৰোতাই কিহৰ বাবে পচন্দ কৰে সেইটো বিচাৰ কৰিবলৈও মই সক্ষম নহয় আচলতে। মাত্ৰ এইখিনিত এটাই কথা ক’ব পাৰিম যে, মই যি গীতত কন্ঠদান কৰো সকলোতেই মোৰ মনটো জড়িত হৈ থাকে আৰু অনুভৱৰ ভিত্তিত মই গীত গাবলৈ চেষ্টা কৰো। মোৰ এতিয়াও এই ক্ষেত্ৰখনত শিকিবলগীয়া যথেষ্ট আছে আৰু মই শিকি যাম; বহু লোকৰ পৰা মই জ্ঞান অৰ্জন কৰিবলগীয়া হৈ আছে।” আগন্তুক সময়ৰ পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “শ্ৰোতাই কোনটো সময়ত কোনোটো গীতক আকোঁৱালি ল’ব; তাক কোৱাটো কঠিন। আগন্তুক সময়ত ৰাইজক কি দিম নাজানো কিন্তু যিয়েই নিদিওঁ কিয় প্ৰতিটোতেই নিজৰ ১০০ শতাংশ থাকিব।”

অনুৰাগে আগলৈ কয় যে, “ইতিমধ্যে মই দুটা ৰোমান্টিক গান কৰিলো আৰু দুয়োটা গানেই ভাল পাইছিল শ্ৰোতা আৰু দৰ্শকে। এইবাৰ এই ৰোমান্টিক ধৰ্মীতাৰ পৰা কিছু ওলাই আহি মই এটা বিহুসুৰীয়া গীতত কন্ঠদান কৰা কথা ভাবিছো। আশা কৰো, পূৰ্বৰ গীতৰ দৰেই যেন আহিবলগীয়া সমূহো মোৰ জনসাধাৰণে আঁকোৱালি লয়।”
Add comment