Rupaliparda.com
ভাইৰেল হ'ল ৰাকেশ ৰিয়ানৰ "অ' মোৰে জান; কিয় কৰা অভিমান?"- 1

ভাইৰেল হ’ল ৰাকেশ ৰিয়ানৰ “অ’ মোৰে জান; কিয় কৰা অভিমান?”-

মুক্তিৰ পিছতেই জনপ্ৰিয় ৰাকেশ ৰিয়ানৰ “অ মোৰে জান”; প্ৰতিটো ৰোমান্টিক গীতৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ সদ্যমুক্তিপ্ৰাপ্ত উক্ত গীতটিয়েও লাভ কৰিছে সংগীত প্ৰেমী শ্ৰোতাৰ সমাদৰ। গীতটিত ৰাকেশ ৰিয়ানৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে মেঘালী বৰষাই। গীতটিত কথা আৰু সুৰ গণেশ গগৈৰ লগতে সংগীত প্ৰণয় দত্তৰ। ইয়াৰ ভিডিঅ’ত অভিনয় কৰিছে ৰাকেশ ৰিয়ান, কাজল শৰ্মা আৰু প্ৰতীক্ষা চৌধুৰীয়ে। ইয়াৰ ভিডিঅ’ পৰিচালনা ৰিন্টু চৌধুৰীৰ। ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে। তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীয়ে কিছুদিন পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল। ইয়াৰ পূৰ্বেও মুক্তিপ্ৰাপ্ত “আছুতীয়া কৈ থ’লো” শীৰ্ষক আন এটি সুন্দৰ ৰোমান্টিক গীত শ্ৰোতাক উপহাৰ দিয়াৰ পিছতেই বিবাহৰ বাবে সাজু হৈ পৰিছিল কন্ঠশিল্পী গৰাকী।

ভাইৰেল হ'ল ৰাকেশ ৰিয়ানৰ "অ' মোৰে জান; কিয় কৰা অভিমান?"- 2


ৰাকেশ ৰিয়ানৰ গীত সমূহে মুক্তিৰ পিছতেই জনসাধাৰণৰ বহুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়। “লক-ডাউন” মাজতেই একাংশই কৰা কেতবোৰ সৃষ্টিৰ মুক্তিৰ মাজত উল্লেখনীয় আছিল কন্ঠশিল্পী ৰাকেশ ৰিয়ানৰ গীত সমূহো। ইটো-সিটোকৈ কেইবাটাও গীতে এই সময়ছোৱাতে মুক্তি লাভ কৰিছিল। আহিবলগীয়া তেওঁৰ গীতটোক লৈও বৰ্তমান উৎসাহী কন্ঠশিল্পী গৰাকী।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.