বলীউড অভিনেত্ৰী কংগনা ৰাণাওঁটে এক মন্তব্য ব্যক্ত কৰিছিল য’ত তেওঁ কৈছিল যে, বলীউডৰ ৯০ শতাংশ লোকেই ড্ৰাগছ আসক্ত। কংগনাৰ এই মন্তব্যৰ পিছতেই হাঁহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈ পৰিছিল কেওঁদিশে। অভিনেত্ৰী গৰাকীয়ে মুম্বাইকো ইতিমধ্যে পাকিস্তানৰ সৈতে তুলনা কৰিছে; তেওঁৰ এই মতামতটোৰ আওঁপকীয়াকৈ অথবা শেহতীয়াকৈ কেইবাগৰাকীও বলীউড চিলেব্ৰেটীয়ে বিৰোধিতা কৰে। এই বিষয়টোলৈয়ে সুদক্ষ অভিনেত্ৰী জয়া বচ্চন আৰু হেমা মালিনীয়ে মন্তব্য কৰিছিল যে ইণ্ডাষ্ট্ৰীটোৰ বিৰুদ্ধে এনেবোৰ কথাক কোনো পধ্যেই সহ্য কৰা নহ’ব। আৰু, এতিয়া তেওঁলোকৰ সৈতে একমত হৈ কংগনাৰ বিৰুদ্ধে মন্তব্য কৰে উৰ্মিলা মাতোণ্ডকাৰে। এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত তেওঁ কয় যে, “সমগ্ৰ দেশেই ড্ৰাগছৰ মাধমাৰৰ পৰা ব্যতিব্যস্ত। তেওঁ জানেনে যে হিমাচল ড্ৰাগছৰ মূল ঘাটি? তেওঁ এই কাজিয়াখন নিজৰ মূল গৃহৰাজ্যৰ পৰা আৰম্ভ কৰিবলৈ লাগিছিল।”


আগলৈ তেওঁ কয় যে,”যি গৰাকী অভিনেত্ৰীক Y-Security দিয়া হৈছিল; তেওঁ ড্ৰাগছ লিংকৰ বিষয়ে বিতংককৈ কিয় আৰক্ষীক নজনালে? ইয়াত কোনো প্ৰশ্ন নাই যে মুম্বাই সকলোৰে। যিয়ে এই চহৰখনক ভাল পায়; সেইগৰাকীয়েও ওলোটাই এই চহৰখনৰ পৰা মৰমেই পায়। মই এই চহৰখনৰ বিৰুদ্ধে এটাও অপমানজনিত কথা সহ্য কৰিব নোৱাৰিম। যেতিয়াই আপুনি এই ধৰণৰ মন্তব্য কৰে তেতিয়াই আপুনি এই চহৰখনৰ নহয়; ইয়াক থকা সকলক অপমান কৰে।”
Add comment