Rupaliparda.com
নেপোটিজিমৰ এক সুন্দৰ বস্তু

“নেপোটিজিমৰ এক সুন্দৰ বস্তু” আখ্যা সোনম কাপুৰকঃ

প্ৰায়ে তাৰকা সমূহ সন্মুখীন হৈ পৰে ট্ৰোল, সমালোচনা অথবা ভিন্ন ককৰ্থনাৰ। কেতিয়াবা তেওঁলোকে ইয়াৰ প্ৰতিউত্তৰ দিয়ে আৰু কেতিয়াবা নীৰৱ হৈ ৰৈ যায়। এনে তাৰকা সমূহৰ ভিতৰত এগৰাকী হৈছে সোনম কাপুৰ; তেওঁক প্ৰায়ে বিভিন্ন জনে ককৰ্থনা কৰা দেখিবলৈ পোৱা যায়। তেওঁক শেহতীয়াকৈ কোনো এজন ব্যক্তিয়ে কৰা ট্ৰোলৰ প্ৰতিউত্তৰ দিছে অভিনেত্ৰী গৰাকীয়ে। প্ৰতিউত্তৰ দি নিজ ইনষ্টাগ্ৰাম ষ্টৰীত আপডেট কৰিছে এক পোষ্ট। তেওঁ চচিয়েল মিডিয়াত নিজ স্বামীৰ সৈতে আপলোড কৰা এখন ফটোৰ কমেন্টত ইউজাৰ গৰাকীয়ে লিখে যে, ” আপোনাৰ দৰে একোজনী মহিলাই সমাজত ঋণাত্মক ভাৱ উপজায়। পিতৃ অবিহনে আপুনি একো নহয় আৰু এতিয়া সমগ্ৰ ভাৰতবৰ্ষই আপোনাৰ দৰে এগৰাকী অভিনেত্ৰীক এৰাই চলিবলৈ চেষ্টা কৰি আছে। আপুনি নেপোটিজিমৰ এক বিৰাট ভাল লগা বস্তু।” ইয়াৰ উপৰিও ইউজাৰ গৰাকীয়ে তেওঁৰ স্বামীকো সমালোচনা কৰে।

"নেপোটিজিমৰ এক সুন্দৰ বস্তু" আখ্যা সোনম কাপুৰকঃ 1
নেপোটিজিমৰ এক সুন্দৰ বস্তু


তেওঁ কয় যে,”আপুনি ভাবিছে নেকি আপোনাৰ স্বামী দেখিবলৈ সুন্দৰ; তেওঁ আচলতে দেখিবলৈ বেয়া।” ইউজাৰ গৰাকীৰ এনে কিছু কথা শুনি সোনম কাপুৰ ৰ’ব নোৱাৰি নিজ ইনষ্টাগ্ৰাম ষ্টৰীতে প্ৰতিউত্তৰ লিখে, অভিনেত্ৰী গৰাকীয়ে কয় যে, “মই আশা কৰো যে মোৰ এই পোষ্টটোৰ দ্বাৰা আপুনি নিজৰ ফল’ৱাৰ্চ বঢ়াব পাৰিব কাৰণ মই জানো যে আপোনাক মোৰ পৰা আৰু লাগে কি! আৰু,এইবাৰ শেষবাৰ য’ত মই এক ঋণাত্মক পোষ্ট শ্বেয়াৰ কৰিবলৈ লৈছো।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.