Rupaliparda.com
আলোচিতব্য বিষয় সমূহৰ মাজত হেৰাল #JusticeForSushant- 1

আলোচিতব্য বিষয় সমূহৰ মাজত হেৰাল #JusticeForSushant-

বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু বৰ্তমান ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ চৰ্চাৰ মূল বিষয় হৈ পৰিছে। সঁচা ঘটনাৰ বিচাৰ কৰিবলৈ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ তিনিটাকৈ বিচাৰ এজেঞ্চী লগ হৈ পৰিছে। চচিয়েল মিডিয়াৰ দ্বাৰা সুশান্তক ন্যায় দিবলৈ বাৰম্বাৰ একাংশ অনুৰাগীয়ে পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু, এতিয়া এনে লাগিছে যেন বলীউডত যিমান সংখ্যাত বেলেগ বেলেগ বিষয়ত তৰ্ক সমূহ আৰম্ভ হ’বলৈ লৈছে তেনেক্ষেত্ৰত এই তৰ্ক অথবা আলোচনাৰ মূখ্য বিষয়টো পিছত পৰি ৰৈছে। অভিনেতাৰ পৰা এগৰাকী সাংসদলৈ পৰিণত হোৱা ৰবি কিশনে সাংসদত বলীউডত ব্যৱহৃত হোৱা ড্ৰাগছক লৈ তদন্ত কৰিবলৈ যোৰ প্ৰদান কৰিছিল। কিন্তু এই বিষয়টোৰেই বিৰোধিতা কৰে সুদক্ষ অভিনেত্ৰী তথা এগৰাকী সাংসদ জয়া বচ্চনে। তাৰ পিছতেই, জয়া বচ্চনৰ সমৰ্থনত একযোঁট হৈ পৰে একাংশ বলীউডৰ অভিনেতা-অভিনেত্ৰী।

আলোচিতব্য বিষয় সমূহৰ মাজত হেৰাল #JusticeForSushant- 2
আলোচিতব্য বিষয় সমূহৰ মাজত হেৰাল #JusticeForSushant- 3


সুশান্ত সিং ৰাজপুতক ন্যায় দিবলৈ সক্ৰিয় ভূমিকা লৈ থকা কাম্যা পাঞ্জাৱীও নিজ টুইটৰ দ্বাৰা ক্ষোভ ব্যক্ত কৰি কয় যে, “এয়া #JusticeForSushant ৰ পৰা আৰম্ভ হৈ #JusticeForKangana লৈ গ’ল। এতিয়া আকৌ আৰম্ভ হ’ল #JusticeForRaviKishan; এনেদৰে গৈ গৈ সুশান্ত ৰাজপুত হেৰাই গ’ল! এতিয়া ক’ত সুশান্ত? ভাবক ভাবক।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.