Rupaliparda.com
সুশান্ত সিং ৰাজপুতৰ এপিনে হতাশগ্ৰস্ত স্থিতি আৰু আনপিনে ড্ৰাগছ পাৰ্টীঃ 1

সুশান্ত সিং ৰাজপুতৰ এপিনে হতাশগ্ৰস্ত স্থিতি আৰু আনপিনে ড্ৰাগছ পাৰ্টীঃ

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে লগ লগাই আন কেতবোৰ তথ্যই নিতৌ চৰ্চা লাভ কৰে সংবাদ মাধ্যমত। এইবাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম টাইমছ নাউৰ ওচৰত এনে এক তথ্য আছে য’ত অন্তৰ্ভূক্ত হৈ আছে সুশান্ত সিং ৰাজপুতৰ বেংকৰ হিচাপ। এই বেংকৰ হিচাপ অনুসৰি সুশান্তে নিজ পাৱনা লেকৰ ফাৰ্ম হাউচত অনুষ্ঠিত পাৰ্টী সমূহত প্ৰায় ৪০ হাজাৰৰো অধিক টকা ব্যয় কৰিছিল। ২৯ মাৰ্চ তাৰিখে তেওঁ নিজ ফাৰ্ম হাউচত “ছিছোৰে” ছবিখনৰ সফলতা পাৰ্টী অনুষ্ঠিত কৰা কৰিছিল;য’ত উপস্থিত আছিল জনপ্ৰিয় তাৰকা-শিল্পী। এতিয়া এনচিবিয়ে সন্দেহ কৰিছে যে উক্ত পাৰ্টীটোত ড্ৰাগছ গ্ৰহণ কৰা হৈছিল আৰু বৰ্তমান ইয়াৰ তদন্তত নামিছে এজেঞ্চী। শেহতীয়া খবৰ অনুসৰি, এনচিবিৰ টীমে কৰা তদন্তৰ শেষত সুশান্তৰ ফাৰ্ম হাউচত তেওঁলোকে উদ্ধাৰ কৰে নানান ধৰণৰ হুক্কা পট্ছ, ঔষধ আদিকে ধৰি ভিন্ন ধৰণৰ নিচাযুক্ত সামগ্ৰী।

সুশান্ত সিং ৰাজপুতৰ এপিনে হতাশগ্ৰস্ত স্থিতি আৰু আনপিনে ড্ৰাগছ পাৰ্টীঃ 2
সুশান্ত সিং ৰাজপুতৰ এপিনে হতাশগ্ৰস্ত স্থিতি আৰু আনপিনে ড্ৰাগছ পাৰ্টীঃ 3


সুশান্তে এই ফ্লেটটোৰ বাবদ প্ৰায় ২.৫ লাখ টকা মাহে মাহে দিয়ে। ৰিপোৰ্টনুসৰি, এই ফাৰ্ম হাউচটোত সুশান্ত তথা ৰিয়া চক্ৰৱৰ্তী, সৌভিক তথা চেমুৱেল মিৰাণ্ডা, সিদ্ধাৰ্থ পাঠানী আদি লোকে পাৰ্টী কৰিছিল। কিন্তু জানিব পৰা গৈছে যে, কেৱল মাত্ৰ সুশান্তৰ বন্ধু-বৰ্গই নহয়; সুশান্তৰ এই ফাৰ্ম হাউচত পাৰ্টী কৰিবলৈ আহিছিল ইণ্ডাষ্ট্ৰীৰ কেইবাগৰাকীও জনপ্ৰিয় তাৰকা। হতাশাৰ সৈতে যুঁজ দি থকা সময়ছোৱাত সুশান্তেই এই পাৰ্টী সমূহ কৰিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.