Rupaliparda.com
এফালে নিন্দা; এফালে কটাক্ষঃ অনুষ্কা শৰ্মাও বাদ নপৰিল কংগনাৰ বাক্যবানৰ পৰা- 1

এফালে নিন্দা; এফালে কটাক্ষঃ অনুষ্কা শৰ্মাও বাদ নপৰিল কংগনাৰ বাক্যবানৰ পৰা-

এনে বহু উদাহৰণ আছে; যাৰ ফলত বহু তাৰকাই এনে কিছু মন্তব্য কৰে যি মন্তব্যৰ বাবে তেওঁলোকে বহু বেয়া ধৰণে সমালোচনাৰ সন্মুখীন হৈ পৰে। শেহতীয়াকৈ ক্ৰিকেট জগত খনলৈ অনুষ্কা শৰ্মাক টানি অনাক লৈও এক চৰ্চাৰ সৃষ্টি হৈছিল কেওঁদিশে। সুনীল গাভাস্কাৰে অনুষ্কা শৰ্মাৰ স্বামী বিৰাট কোহলীৰ বেয়া প্ৰদৰ্শনক কৰাক লৈ অনুষ্কা শৰ্মাৰ নামটো আজুৰি আনিছিল আৰু এই বিষয়ত অনুষ্কাইও বিৰোধিতা কৰিছিল। আনহাতে, এই সমগ্ৰ ঘটনাক লৈ আকৌ এবাৰ নিজ মুখ খোলে অভিনেত্ৰী কংগনা ৰাণাওঁটে। এই বিষয়টো সন্দৰ্ভত যদিও কংগনাই অনুষ্কাৰ ফলীয়া হয় মন্তব্য কৰিছে তথাপিও কিন্তু কেনেবাকৈ হ’লেও অনুষ্কাক কটাক্ষ কৰাৰ পৰা যেন কংগনাই যাবলৈ নিদিলে।

এফালে নিন্দা; এফালে কটাক্ষঃ অনুষ্কা শৰ্মাও বাদ নপৰিল কংগনাৰ বাক্যবানৰ পৰা- 2


এক টুইট পোষ্ট যোগে অভিনেত্ৰী গৰাকীয়ে লিখে যে, “অনুষ্কা সেইটো সময়ত মৌন আছিল যিটো সময়ত মোক “হাৰামখৰ” বুলি সম্বোধন কৰা হৈছিল। কিন্তু তেওঁ আজি নিজেই এনে বিষয়ত সোমাই পৰিছে। মই এইটো কথাৰ নিন্দা কৰিছো যে সুনীল গাভাস্কাৰে তেওঁৰ নামটো ক্ৰিকেটলৈ আজুৰিছে কিন্তু লগতে মই চিলেক্টিভ ফেমিনিজিমৰো আলোচনা কৰো।” কংগনাই বৰ্তমান প্ৰতিটো কথাতে নিজ মন্তব্য প্ৰদানৰ বাবে আগবাঢ়ি আহিছে। ইয়াত কোনো কোনো ক্ষেত্ৰত জনসাধাৰণে সঁহাৰি জনালেও প্ৰতিটো কথাত নিজ মূৰটো সোমোৱাক লৈ তেওঁৰ সমালোচনাও কৰে বিভিন্ন জনে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.