উত্তৰ প্ৰদেশৰ হাথৰসত গণধৰ্ষণৰ কাৰ্যই ইতিমধ্যে দেশজুৰি খলকনিৰ সৃষ্টি কৰিছে। এগৰাকী ১৯ বছৰীয়া কিশোৰী মনীষা বাল্মিকীক ৪ জন নৰপিশাচে কৰা ধৰ্ষণে কঁপাইছে দেশৰ সমগ্ৰ জনসাধাৰণক। ১৫ দিন ধৰি মৃত্যুৰ সৈতে যুঁজ দিয়া এই গৰাকী কিশোৰীয়ে যোৱা মংগলবাৰে অৱশেষত মৃত্যুক সাৱতিবলগীয়া হয়। এই কাণ্ডটোক লৈ বৰ্তমান চচিয়েল মিডিয়া যোগে বিভিন্ন জনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বলীউডেই হওঁক বা জলীউডেই হওঁক; উক্ত কাণ্ডটোৱে প্ৰত্যেককে শোকাহত কৰিছে। এগৰাকী বালিকাক খেতিত কাম কৰিবলৈ যোৱা অৱস্থাত চাৰিটা নৰপিশাচে দিয়া যন্ত্ৰণাই পোনপটীয়াকৈ ইয়াকে প্ৰকাশ কৰিছে যে যিমানে উন্নয়নশীল দেশৰ আমি বাসিন্দা নহওঁ কিয় ইয়াত নাৰী এতিয়াও পূৰ্ণৰূপত সুৰক্ষিত হৈ উঠা নাই। উক্ত প্ৰসংগটোক লৈ অভিনেতা উদয়ন দুৱৰাইও নিজকে এজন পুৰুষ আখ্যা দিবলৈ লাজ লগা বুলি ব্যক্ত কৰে আনহাতে মনীষা বাল্মিকীৰ সৈতে হোৱা এনে পৰিস্থিতিক লৈ চচিয়েল মিডিয়াত নিজ ক্ষোভ ব্যক্ত কৰে কন্ঠশিল্পী বৰ্ণালী কলিতাইও।


শেহতীয়াকৈ বলীউডত ড্ৰাগছ কেছে অধিক প্ৰাধান্য লাভ কৰাৰ ফলত ক্ষোভিত হয় বৰ্ণালীয়ে কয় যে, ” মনীষা বাল্মিকী” নামৰ ১৯ বছৰীয়া পখিলাৰ দৰে ছোৱালী এজনী , উত্তৰ প্ৰদেশৰ হাথৰছৰ, চাৰি জন যুৱকে ১৪ ছেপ্টেম্বৰত গণধৰ্ষণ কৰে, যোৱাকালি মৃত্যু হয় হস্পিটেলত । ছোৱালী জনীৰ জিভা ছিঙি দিছিল, হাত ভৰি ভাঙি দিছিল ,পেৰেলাইজদ হৈ পৰিছিল ছোৱালীজনী ।মিডিয়া বিজি দীপিকা,কৰন জোহৰৰ ড্ৰাগছ পাৰ্টি লৈ…দীপিকাই ড্ৰাগছ খালে বা নাখালে আমাৰ একো আহে নাযায়, এওঁলোক কোনো সমাজৰ আৰ্দশ ব্যক্তি নহয়। ৰিয়াই জেইলত তলত শুইছে নে ওপৰত আমাৰ জীৱনত একো প্ৰভাৱ নেপেলায় । কিন্তু এইবোৰ খবৰে আমাৰ বুকু কঁপায় । কোন দিশে আমাৰ সমাজ। এইকেইটা নৰপিশাচক মাৰি পেলোৱা কোনো নোলাব নে?? #JusticeForManishaValmiki“
Add comment