Rupaliparda.com
দিল বেছাৰাকে আৰম্ভ কৰি লুটকেছ আৰু সড়ক ২ ৰ পুনৰ মুক্তিঃ 1

দিল বেছাৰাকে আৰম্ভ কৰি লুটকেছ আৰু সড়ক ২ ৰ পুনৰ মুক্তিঃ

OTT প্লেটফৰ্মত মুক্তি পোৱাৰ পিছত এইবাৰ কেইবাখনো ছবিক ডাঙৰ পৰ্দাতো উপভোগ কৰিবলৈ পাব একাংশ জনসাধাৰণে। দেশত ১৫ অক্টোবৰৰ পৰা ৫০ শতাংশ দৰ্শকেৰে চিনেমা হ’ল সমূহ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে যদিও অষ্ট্ৰেলিয়াৰ ছবিগৃহ সমূহত ৮ তাৰিখৰ পৰা জনসাধাৰণে উপভোগ কৰিবলৈ সক্ষম হ’ব একোখনকৈ ছবি। বিগত দিন ধৰি স্তব্ধ হৈ থকা পিছত ছবিগৃহ সমূহ খুলি দিয়া কথাটোক লৈ আচলতে উৎসাহিতও হৈ পৰিছে জনসাধাৰণ। OTT প্লেটফৰ্মত মুক্তি লাভ কৰা ছবি সমূহক পুনৰ বাৰ জনসাধাৰণৰ সমুখত মুক্তি দিয়া হ’ব বুলি ইতিমধ্যে জানিব পৰা গৈছে। তিনিখন বলীউড ছবি ক্ৰমে দিল বেছাৰা, লুটকেছ লগতে সড়ক ২ ক মুক্তি দিয়া হ’ব অষ্ট্ৰেলিয়াত। ছবি সমালোচক তৰণ আদৰ্শেও চচিয়েল মিডিয়া যোগে এই কথা প্ৰকাশ কৰে। চলিত মাহত ছবিগৃহৰ লগতে মনোৰঞ্জনধৰ্মী বিভিন্ন অনুষ্ঠানো খুলি দিয়াৰ কথা প্ৰকাশ কৰে চৰকাৰেও।

দিল বেছাৰাকে আৰম্ভ কৰি লুটকেছ আৰু সড়ক ২ ৰ পুনৰ মুক্তিঃ 2
দিল বেছাৰাকে আৰম্ভ কৰি লুটকেছ আৰু সড়ক ২ ৰ পুনৰ মুক্তিঃ 3


তৰণ আদৰ্শে লিখে যে, “ব্ৰেকিং নিউজ, ডিজনী প্লাচ হটষ্টাৰত মুক্তি লাভ কৰা লুটকেছ, দিল বেছাৰা আৰু সড়ক ২ ক আকৌ এবাৰ দৰ্শকৰ মাজত উলিয়াই দিয়া হ’ব। ৮ অক্টোবৰৰ পৰা আৰম্ভ কৰি এই ছবিসমূহ মুক্তি দিয়া হ’ব ছবিগৃহত।” বিগত দিনৰ স্তব্ধতাৰ পিছত নতুনকৈ ছবিগৃহলৈ গৈ মনোৰঞ্জন কৰিবলৈ সক্ষম হ’ব দৰ্শকসকলো। সুশান্ত সিং ৰাজপুতৰ শেষৰখন ছবিক ছবিগৃহত উপভোগ কৰাৰ বাবে পূৰ্বৰ পৰাই ইচ্ছা প্ৰকাশ কৰিছিল একাংশই। গতিকে এই ইচ্ছাও যেন বৰ্তমান এক প্ৰকাৰ সফল হৈ পৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.