Rupaliparda.com
চেলুনলৈ যোৱাৰ বাবে ট্ৰোল হ'ল মালাইকা আৰোৰাঃ ধুনীয়া হ'বলৈ গৈ ৰোষত অভিনেত্ৰী- 1

চেলুনলৈ যোৱাৰ বাবে ট্ৰোল হ’ল মালাইকা আৰোৰাঃ ধুনীয়া হ’বলৈ গৈ ৰোষত অভিনেত্ৰী-

যোৱা ৭ চেপ্তেম্বৰ তাৰিখে অভিনেত্ৰী মালাইকা আৰোৰাৰ দেহত ধৰা পৰিছিল ক’ৰোণা সংক্ৰমণৰ লক্ষণ আৰু তাৰ পিছতেই তেওঁ নিজ বাসগৃহত পুত্ৰ আৰহান খানৰ পৰা আছুতীয়াকৈ এটা ৰূমত নিগাজিকৈ আছিল। ক’ৰোণা পজিটিভৰ পিছতো চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা অভিনেত্ৰী গৰাকীয়ে নিজৰ স্বাস্থ্য সম্পৰ্কে বিভিন্ন বাতৰি শ্বেয়াৰ কৰিছিল। কিন্তু বৰ্তমান সম্পূৰ্ণৰূপে সূস্থ হৈ উঠিছে অভিনেত্ৰী গৰাকী আৰু সূস্থ হোৱাৰ পিছতেই তেওঁ চেলুনলৈ যায়। এইখিনিতে, ট্ৰোলৰ সন্মুখীন হৈ পৰে অভিনেত্ৰী গৰাকী। আচলতে, একাংশৰ মতে অভিনেত্ৰী গৰাকী ক’ৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ওলাই অহাৰ পিছতেই চেলুন যোৱাৰ কি প্ৰয়োজন! তেওঁ নিজ বাসগৃহতেই থাকিব পাৰিলেহেঁতেন। একাংশৰ মতেটো অভিনেত্ৰী মালাইকা আৰোৰাই বিগত দিন ধৰি ক’ৰোণা পজিটিভৰ এখন নাটক কৰিছিল; আচলতে তেওঁ কোনোধৰণে ক’ৰোণা পজিটিভ নাছিল। আপোনালোকক জনাই থওঁ যে, মালাইকাই ইতিমধ্যে তেওঁৰ দৈনিক কাম- কাজ সমূহ পূৰ্বৰ দৰেই আৰম্ভ কৰিছে।

https://www.instagram.com/p/CFuaLFBHgnF/?utm_source=ig_web_copy_link
চেলুনলৈ যোৱাৰ বাবে ট্ৰোল হ'ল মালাইকা আৰোৰাঃ ধুনীয়া হ'বলৈ গৈ ৰোষত অভিনেত্ৰী- 2


ক’ৰোণা পজিটিভৰ সময়ছোৱাত অভিনেত্ৰী গৰাকীয়ে নিজ ইনষ্টাগ্ৰাম ষ্টৰীত দিয়া এক পোষ্টে দেখুৱাই দিছিল যে তেওঁ অশান্তি পাইছিল মহামাৰী অথবা আৱদ্ধ হৈ ৰোৱা কথাটোক লৈ। তেওঁ লিখিছিল যে, “কোনোবাই ভেকচিন ওলাই দিয়া অ’; নহ’লে যৌৱন ইয়াতেই এনেদৰে গুচি যাব।” বলীউডৰ কেৱল মাত্ৰ অৰ্জুন আৰু মালাইকা বুলিয়ে নহয় আন তাৰকাও ক’ৰোণাৰ আগ্ৰাসনত সোমাই পৰিছিল। জেনেলিয়া ডিসুজা, আফতাৱ শিৱদাসানী, কিৰণ কুমাৰ, কৰীম মোৰানী, কণিকা কাপুৰ, অমিতাভ বচ্চন তথা অভিষেক, ঐশ্বৰ্য্যও ক’ৰোণা ভাইৰাছৰ আগ্ৰাসনত সোমাই পৰিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.