“বিহু”; এই “বিহু” টোৰ সৈতে প্ৰত্যেকজন অসমীয়াৰ আৱেগ জড়িত হৈ আছে নহয়নে বাৰু? “বিহু” আহিলেই নিজক পূৰ্বতকৈ অধিক ৰূপত সক্ৰিয় কৰাৰ পৰা আৰম্ভ কৰি গাত সাতখন আঠখনো যেন হৈ পৰে সকলোৰে। চলিত বৰ্ষত বিহুটোক আদৰ-সাদৰৰ সৈতে ঘৰতেই আৱদ্ধ হৈ উদযাপন কৰিবলগীয়া হৈছিল সকলোৱে। দেশত ক’ৰোণা মহামাৰীয়ে মাধমাৰ সোধোৱাত ইয়াৰ প্ৰভাৱ পৰিছিল আমাৰ প্ৰতিজনৰ মৰমৰ “বিহু” টোৰ ওপৰতো। কিন্তু সেই আৱেগক ধৰি বান্ধি এইবাৰো নিজ বাসগৃহত থাকিয়েই উদযাপন কৰা দেখিবলৈ পোৱা গৈছিল অসমীয়া অভিনেতা-অভিনত্ৰীকে ধৰি কন্ঠশিল্পী সকলক। বিহু গীত গাই অথবা বিহু নাচি তেওঁলোকে দৰ্শকক মনোৰঞ্জন কৰোৱাৰো সম্পূৰ্ণ প্ৰয়াস কৰিছিল; আৰু এনে প্ৰয়াসৰ ভিতৰত এগৰাকী আছিল সুকন্যা বৰুৱা। চচিয়েল মিডিয়াত বহুল ৰূপত সক্ৰিয় হৈ থকা এই গৰাকী অভিনেত্ৰীয়ে দৰ্শকক মনোৰঞ্জন কৰোৱাৰ বাবে কৰা প্ৰায় প্ৰতিটো কামেই লেখত ল’বলগীয়া। অভিনয় আৰু নৃত্য এই দুই মাধ্যমৰ সমান প্ৰতিভা থকা এই গৰাকী অভিনেত্ৰীৰ বিহু নৃত্য চৰ্চা এতিয়া বিদেশতো। জাৰ্মানীৰ এগৰাকী মহিলাই শেহতীয়াকৈ সুকন্যাৰ বিহু নৃত্য দেখি আপ্লুত হয় আৰু তাত তেওঁ নিজ অনুভৱ ব্যক্ত কৰে।

এগৰাকী অসমীয়া ৰূপে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া বিহু নৃত্যক সকলোৱে চিনি পায় অথবা স্বীকৃতি প্ৰদান কৰে তেতিয়া তাতকৈ অধিক আৰু ভাল লগা কথা হয়টো নাই। জাৰ্মানীৰ এই মহিলা গৰাকীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰে তেওঁৰ ব্যক্তিগত ইউটিউব চেনেলত; ইয়াৰ নাম হৈছে SnowAngee। তেওঁ বিহু নৃত্যৰ প্ৰশংসা কৰাৰ সমান্তৰালকৈ সুকন্যাই যেনেদৰে নৃত্যটো প্ৰদৰ্শন কৰে তাক লৈয়ো আপ্লুত হৈ পৰে। উক্ত ইউটিউব চেনেলটোৰ এই ভিডিঅ’টোত কমেন্টো মনকৰিবলগীয়া; এগৰাকী বিদেশীৰ ইউটিউব চেনেল জৰিয়তে অসমীয়াৰ আৱেগক আৰু অধিক প্ৰাধান্য দিয়াত গৌৰৱ অনুভৱ নকৰাকৈ হয়টো থকা নাই কোনোৱে।

সুকন্যা বৰুৱাই বিহু নৃত্যক লৈ পূৰ্বতে উল্লেখ কৰিছিল যে, “বিহু আমাৰ তেজে তেজে আছে; অসমীয়া গীত লগতে বিহু গীত শুনিলে নাচিবটো মন যায়েই। গতিকে গীত বোৰ শুনাৰ লগে লগে নাচিব মন যায় আৰু তেনেকৈয়ে মই নাচি দিয়ো; মনৰ পৰা নাচো বাবেই হয়তো দৰ্শকে পচন্দ কৰে।”
Add comment