Rupaliparda.com
"ৰাজনন্দিনী" কনচেপ্টেৰে নৱৰাত্ৰীৰ মহত্ব বুজাইছে আইমী বৰুৱাইঃ 1

“ৰাজনন্দিনী” কনচেপ্টেৰে নৱৰাত্ৰীৰ মহত্ব বুজাইছে আইমী বৰুৱাইঃ

আজি মহাষষ্ঠী; আজিৰে পৰা সৰ্বত্ৰে আৰম্ভ হৈছে মা দূৰ্গাৰ আৰাধনা। এইবাৰ কিছু ব্যতিক্ৰম যদিও মাৰ যোৱা নাই জনসাধাৰণ উৎসাহ-উদ্দীপনাৰ। দূৰ্গা পূজাৰ বিষয়বস্তুৰে অভিনেত্ৰীয়ে কৰা ফটোশ্বুট সমূহে অনুৰাগীৰ মাজতো খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। নৱৰাত্ৰীৰ এই পৱিত্ৰ সময়ছোৱাত “ৰাজনন্দিনী” নামে এক কনচেপ্টৰ আঁত ধৰি অভিনেত্ৰী আইমী বৰুৱাইও কৰোৱাইছে নিজ ফটোশ্বুট। প্ৰত্যেক দিনেই একোখন ফটোৰে নৱৰাত্ৰীৰ দিন কেইটাৰ মহত্ব বুজাইছে অভিনেত্ৰী গৰাকীয়ে; কিন্তু চচিয়েল মিডিয়াত তেওঁক পুনৰ বাৰ কৰা হৈছে সমালোচনা। য’ত কামাখ্যা মন্দিৰত ভক্তৰ সমাগম বন্ধ কৰি ৰখা হৈছে তাতেই অভিনেত্ৰী গৰাকীয়ে কৰা এই ফটোশ্বুটক যেন সহজ ভাৱে ল’ব পৰা নাই একাংশই। আচলতে, এয়া নতুন নহয়। প্ৰায়ে এনে সমালোচনাৰ সন্মুখীন হৈ পৰে অভিনেত্ৰী গৰাকী; তৎস্বত্বেও অভিনেত্ৰী গৰাকীৰ অনুৰাগীৰ সংখ্যা মন কৰিবলগীয়া।
আহিবলগীয়া সময়ত তিনিখনকৈ ছবিত দেখিবলৈ পোৱা যাব অভিনেত্ৰী আইমী বৰুৱাক। প্ৰায়ে প্ৰতিটো পুৱা একোখনকৈ নতুন স্থিৰ চিত্ৰৰে দৰ্শকৰ কাষ চপা আইমীৰ “অন্বেষণ” আৰু “যাযাবৰ” ৰ সমান্তৰালকৈ আন এখন ছবি “দ্বীপেন গান্ধী” ও লাভ কৰিব মুক্তি।

"ৰাজনন্দিনী" কনচেপ্টেৰে নৱৰাত্ৰীৰ মহত্ব বুজাইছে আইমী বৰুৱাইঃ 2
"ৰাজনন্দিনী" কনচেপ্টেৰে নৱৰাত্ৰীৰ মহত্ব বুজাইছে আইমী বৰুৱাইঃ 3

“লক-ডাউন” ৰ পূৰ্বেই এই ছবিখনৰ শ্বুটিং সম্পন্ন হোৱা বুলি পোষ্টযোগে জনাইছিল অভিনেত্ৰী গৰাকীয়ে। কংকনা ৰাজখোৱাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ আন বিশেষ তথ্য জনসাধাৰণক জানিবলৈ দিয়া হোৱা নাই যদিও আহিবলগীয়া সময়ত আইমী বৰুৱাৰ অভিনয়ৰে মুুঠ তিনিখন ছবিৰ বিষয়ে জানিবলৈ পাই উৎসাহী হৈ পৰিছে দৰ্শক সকলো। মাত্ৰ এতিয়া অপেক্ষা এই পৰিস্থিতি সূস্থিৰলৈ অহাৰহে; পূৰ্ব পৰিস্থিতি ঘূৰি আহিলেই যে ছবিখনক ৰাইজৰ ওচৰত মুকলি কৰি দিয়া হ’ব সেই কথাও নিশ্চিত কৰে অভিনেত্ৰী গৰাকীয়ে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.