বলীউড অভিনেতা সঞ্জয় দত্ত বিগত বহু সময়ৰ পৰা কৰ্কট ৰোগৰ সৈতে যুঁজ দি আছে। তেওঁ যদিও দেখাত ফিট হৈ আছে তথাপিও আমি সকলোৱে জানো যে কৰ্কট ৰোগৰ সৈতে মুকাবিলা কৰাটো একেবাৰেই সহজ নহয়। শেহতীয়াকৈ সঞ্জয় দত্তই ইনষ্টাগ্ৰামত এক আৱেগিক পোষ্ট আপলোড কৰে। পোষ্টটো যোগেৰে তেওঁ সকলোবোৰ কথা ব্যক্ত কৰি কয় যে তেওঁৰ পৰিয়ালৰ বাবে তেওঁৰ চিকিৎসাৰ সময়ভাগ কিমান কষ্টকৰ আছিল। তেওঁ পোষ্টটোত লিখে যে, “বিগত সপ্তাহটো মোৰ আৰু মোৰ পৰিয়ালৰ বাবে সাংঘাতিক কষ্ট ভৰা আছিল; ভগৱানে আচলতে নিজৰ আটাইতকৈ মজবুত চিপাহী জনকে আটাইতকৈ কষ্টকৰ যুদ্ধখন অৰ্পণ কৰে। মই বৰ্তমান নিজৰ পৰিয়ালক দিয়া এটা ডাঙৰ উপহাৰ হৈছে স্বাস্থ্য; কিন্তু এয়া আপোনালোকৰ মৰম অবিহনে সম্ভৱপৰ নহ’লহেঁতেন। মই কৃতজ্ঞতা জ্ঞাপন কৰিছো সকলোলৈ; সঞ্জয় দত্তই নিজেও তেওঁৰ বেয়া কিছুমান অভ্যাসৰ বিষয়ে খুলি কথা কয়।


এবাৰ তেওঁ মাতৃৰ মৃত্যুৰ সময়ছোৱাৰ এটা ঘটনা ব্যক্ত কৰি কৈছিল যে, “ৰাতিপুৱাৰ সময় আছিল আৰু মোৰ ভোক লাগিছিল। মই উঠি পেলাই কাম কৰা মানুহজনক খোৱা বস্তু আনিবলৈ কৈছিলো; তেতিয়া তেওঁ মোক কৈছিল যে মই যোৱা দুদিন ধৰি একো নোখোৱাকৈ কেৱল শুই আছিলো। মই তেতিয়াই বাথৰুমলৈ গৈ নিজক চাওঁতে হতহম্ভ হৈ পৰিছিলো; মোৰ নাক আৰু মুখৰ পৰা তেজ ওলাই আছিলে। এইবোৰ দেখি ভয় খাইছিলো আৰু পিতৃৰ ওচৰলৈ গৈ মোক বচাবলৈ কৈছিলো আৰু তেতিয়াই তেওঁ মোক আমেৰিকা পূৰ্ণৱাস কেন্দ্ৰলৈ পঠিয়াই দিছিল।” ইয়াৰ উপৰিও তেওঁ তাত থকা দুই বছৰৰ প্ৰথমটো বছৰত আকৌ এবাৰ ড্ৰাগছ লোৱাৰ কথা ভাৱিছিল যদিও তেওঁ নলওঁ বুলি মনতে ঠিৰাং কৰি পেলাইছিল বুলিও প্ৰকাশ কৰিছিল।
Add comment