হিন্দী মনোৰঞ্জন ক্ষেত্ৰখনত বিবাহ বুলি ক’লেই প্ৰতিজন দৰ্শক উৎসাহী হৈ পৰে; কিয়নো এই বিবাহ বোৰ বহু প্ৰত্যাশিত হোৱাৰ উপৰিও চিলব্ৰেটী সমূহৰ কাপোৰ অথবা বিবাহ সময়ৰ বিভিন্ন ফটো অথবা ভিডিঅ’ক্লিপে চৰ্চা লাভ কৰে চচিয়েল মিডিয়াত। শেহতীয়াকৈ চৰ্চা লাভ কৰা এখন বিবাহ হৈছে নেহা কক্কড় আৰু ৰোহনপ্ৰীতৰ। ২৪ অক্টোবৰ তাৰিখে দিল্লীস্থিত গুৰুদ্বাৰাত দুয়ো বিবাহৰ বান্ধোনত বান্ধ খাই পৰে। বিবাহ সময়ৰ বিভিন্ন ফটো অথবা ভিডিঅ’য়ে বৰ্তমান অনুৰাগীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিগত বহু দিনৰ পৰাই এই যুঁটিটোৱে চচিয়েল মিডিয়াত নিজৰ বিবাহৰ বিভিন্ন খবৰ অনুৰাগীক দিবলৈ চেষ্টা কৰি আহিছিল। শেহতীয়াকৈ বিবাহ পাশত আৱদ্ধ এই ন-যুঁটিটোৰ বিবাহ উৎসৱত উপস্থিত হৈছিল বলীউডৰ চেলিব্ৰেটীৰ লগতে পঞ্জাৱ সংগীত ক্ষেত্ৰখনৰো কেইবাগৰাকীও কন্ঠশিল্পী। নিজৰ বিবাহ উৎসৱত নেহা কক্কড় আৰু ৰোহনপ্ৰীতক গীত গাইও নিজ সুখ ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছিল।



নেহা কক্কড়ে চচিয়েল মিডিয়াত নিজ বিবাহ তথা প্ৰেমৰ কথা ঘোষণা কৰাৰ পিছতেই তেওঁৰ ব্যক্তিগত জীৱনৰ বাবে সাংঘাতিক চৰ্চিত হৈছিল কন্ঠশিল্পী গৰাকী। তেওঁৰ পাব্লিচিটী ষ্টান্ট বুলিও একাংশই মন্তব্য কৰিছিল। উল্লেখ্য যে, তেওঁলোকৰ বিবাহত উপস্থিত হোৱা অইন চিলেব্ৰেটী সমূহ হৈছে ক্ৰমে মনীষ পৌল, উৰ্বশী ঢোলাকিয়া, উৰ্বশী ৰাতৌলা, অৱনীত কৌৰকে ধৰি আন বহুতো। আনহাতে, তেওঁলোকৰ বিবাহে দৰ্শকক আকৰ্ষণ কৰা আন এক বিষয় হৈছে যে নেহা কক্কড়ৰ বয়স ৩২ বছৰ আৰু ৰোহনপ্ৰীতৰ ২৫ বছৰ; কথাতেই কয় নহয় প্ৰেমে বয়স নামানে।
Add comment