বলীউড ক্ষেত্ৰখনত নিজক চিনাকী কৰোৱাবলৈ অথবা সফলতাক চুমিবলৈ প্ৰায়ে কষ্ট আৰু সাধনাৰ মাজেৰে যাবলগীয়া হয়। সম্প্ৰতি সময়ত বলীউডৰ সফল নাম সমূহৰ ভিতৰত এটা হৈছে তাপসি পান্নুৰ। তেওঁৰ প্ৰায় প্ৰত্যেকখন ছবিয়েই বৰ্তমান জনপ্ৰিয়তাৰ শিখৰত; কিন্তু এই জনপ্ৰিয়তাৰ বাবে অভিনেত্ৰী গৰাকীয়ে বহু সহ্য কৰিবলগীয়া হৈছিল বুলি প্ৰায় সাক্ষাৎকাৰ যোগে তেওঁ জনাইছে। তাপসি পান্নুয়ে সফলতা আৰু জনপ্ৰিয়তা যে এনেই লাভ কৰা নাছিল তাক প্ৰায়ে বুজাই দিবলৈ চেষ্টা কৰে। শেহতীয়াকৈ তাপসিয়ে দিয়া এক সাক্ষাৎকাৰ যোগে কয় যে, “মই আৰম্ভণিতে কিছুমান বৰ অসহ্যকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিলো। মই বহুত ধুনীয়া নাছিলো গতিকে মোক এখন ছবিৰ পৰা আঁতৰোৱা হৈছিল কিয়নো অভিনেতাগৰাকীৰ পত্নীয়ে মই সেই ছবিখনৰ অংশীদাৰ হোৱাটো নিবিচাৰিছিল। আনহাতে, মই মোৰ এখন ছবিৰ বাবে ডাবিং কৰি আছিলো; তেতিয়া মোক এনেকৈ কোৱা হৈছিল যে মই নিজৰ সংলাপবোৰ সলনি কৰিব লাগে কিয়নো সেয়া সংলাপবোৰ হিৰো’জনৰ পচন্দৰ নাছিল।”


একাংশ অভিনেতাই তাপসি পান্নুক নিজৰ ইন্ট্ৰো’ দৃশ্যটোৰ সলনি কৰিবলৈও দিছিলে কিয়নো অভিনেত্ৰী গৰাকীৰ ইন্টো’ দৃশ্যটো হিৰো’জনতকৈ অধিক প্ৰভাৱশালী আছিল ফলত দৃশ্যবোৰ সলনি কৰাৰ বাবে বহু অভিনেতাই হেঁচা দিয়াৰ কথাও প্ৰকাশ কৰে তাপসি পান্নুৱে। উল্লেখ্য যে,বিগত এটা বৰ্ষত তাপসি পান্নুৰ ৫ খন ছবিয়ে মুক্তি লাভ কৰিছে। ইয়াৰ লগতেই তাপসি পান্নু বক্স অফিচৰ অংকৰ তুলনাত এগৰাকী সফল অভিনেত্ৰী হ’বলৈ সক্ষম হৈ পৰিছে। অভিনেত্ৰী গৰাকীয়ে ইখনৰ পিছত সিখনকৈ মহিলা কেন্দ্ৰিক ছবি নিৰ্মাণ কৰিছে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এক ৰিপোৰ্টনুসৰি, তাপসিৰ বিগত পাঁচোখন ছবিয়ে বৰ্তমানলৈ মুঠ ৩৫২ কোটি টকাৰ বক্স অফিচ কালেকচন কৰিবলৈ সক্ষম হৈছে।
Add comment