Rupaliparda.com
জুবিন গাৰ্গৰ জন্মদিন বিশেষঃ মুক্তিপ্ৰাপ্ত দুটা গীতৰ জনপ্ৰিয়তা অব্যাহত- 1

জুবিন গাৰ্গৰ জন্মদিন বিশেষঃ মুক্তিপ্ৰাপ্ত দুটা গীতৰ জনপ্ৰিয়তা অব্যাহত-

জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে তেওঁক লৈ নিৰ্মিত এটি গীতে শেহতীয়াকৈ খলকনিৰ সৃষ্টি কৰিছে। “গানে জুবিনে” শীৰ্ষক গীতটিত জুবিন গাৰ্গক কৰা বাখ্যাই গীতটিক আৰু অধিক সুন্দৰ কৰি তুলিছে। দিগন্ত ভাৰতীৰ কথা, পৰিচালনা তথা বিষয়বস্তুৰে নিৰ্মিত “গানে জুবিনে’ শীৰ্ষক গীতটিয়ে ইতিমধ্যে জনসাধাৰণৰ বহুল সমাদৰ লাভ কৰিছে। গীতটিৰ আন এক ভাল লগা বিষয় এয়াও যে গীতটিত নৱপ্ৰজন্মৰ কন্ঠশিল্পীয়ে কন্ঠদান কৰি জুবিন গাৰ্গলৈ যাঁচিছে জন্মদিনৰ শুভকামনা। যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক লৈ আচলতে প্ৰত্যেকজন নৱপ্ৰজন্মৰ কন্ঠশিল্পীৰ লগতে তেওঁৰ অনুৰাগী উৎসাহিত হৈ থকা দেখিবলৈ পোৱা যায়। “গানে জুবিনে” শীৰ্ষক গীতটিৰ কেইটিমান শাৰীত জুবিন গাৰ্গেও কন্ঠদান কৰিছে। “যি কোৱা, কৈ যোৱা… চিধা কথা; শুনোতাই চোন ভালেই পায়”; গীতটিৰ শাৰীটোৱে জুবিন গাৰ্গৰ যেনেদৰে এটি স্বৰূপ উদঙাইছে ঠিক তেনেদৰে উক্ত সম্পূৰ্ণ গীতটোতেই আছে জুবিনৰ কৰ্মৰ সংজ্ঞা।


“গানে জুবিনে” গীতটিৰ সংগীত ব্যৱস্থাপনা অনুপম কোঁৱৰৰ লগতে শব্দ সংমিশ্ৰণ কৰিছে Red Av Studio ৰ পিংকু দাসে। গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ লগতে ইয়াৰ সম্পাদনা শিৱমৰ। আনহাতে, জুবিন গাৰ্গে নিজেও “চিলা” এলবামটোত অন্তৰ্ভূক্ত আন এটি গীত “উভতি চোৱা” ৰ মুক্তি দিয়ে। তেওঁৰ জন্মদিনৰ দিনা মুক্তিপ্ৰাপ্ত উক্ত দুয়োটা গীতেই বৰ্তমান আকৰ্ষণ কৰিছে জনসাধাৰণক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform