Rupaliparda.com
তিনি জনপ্ৰিয় নামৰ যুঁটীয়া প্ৰচেষ্টাৰে "নীলিম হাঁহি"- 1

তিনি জনপ্ৰিয় নামৰ যুঁটীয়া প্ৰচেষ্টাৰে “নীলিম হাঁহি”-

সংগীত ক্ষেত্ৰৰ দুই সংগীতশিল্পীৰ যুঁটীয়া প্ৰচেষ্টাক লৈ উৎসাহিত হৈ পৰিছে অসমীয়া সংগীত প্ৰেমী শ্ৰোতা। নীল আকাশ আৰু বাবন বৰ্ণিল দুইটা নামেই সংগীত ক্ষেত্ৰখনৰ বাবে চিনাকী আৰু ই সমান্তৰালকৈ জনপ্ৰিয়ও। আচলতে, সুন্দৰ কন্ঠ তথা অনুৰাগীৰে ভৰপূৰ হৈ থকা কন্ঠশিল্পী সমূহৰ যেতিয়া যুঁটীয়া প্ৰচেষ্টাৰে একোটা গীতৰ নিৰ্মাণ কৰা হয় তেতিয়া সেই গীতটোৰ প্ৰতি জনসাধাৰণো নোকোৱাকৈয়ে আকৰ্ষিত হৈ পৰে। শেহতীয়াকৈ DHWANI Music নামে এটি ইউটিউব চেনেলত মুক্তিপ্ৰাপ্ত গীত “নীলিম হাঁহি” য়ে লাভ কৰিছে শ্ৰোতাৰ সঁহাৰি। হিতেশ দেউৰীৰ প্ৰযোজনাৰে এই আধুনিক গীতটিত কন্ঠদান কৰিছে নীল আকাশে; “নীলিম হাঁহি” ক সংগীতেৰে সঁজাইছে বাবন বৰ্ণিলে। ইয়াত কথা আৰু সুৰ বিদ্যু্ৎ বিকাশৰ আৰু শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে RED AV ষ্টুডিঅ’ৰ পিংকু দাস। লিৰিকেল ভিডিঅ’ৰে গীতটিক মুকলি কৰি দিয়া হৈছে যদিও আহিবলগীয়া সময়ত গীতটিক ভিডিঅ’ সহ কৰা দিয়া হ’ব মুক্তি।


ইয়াৰ পূৰ্বেও এটি প্ৰেমৰ গীত “তুমি বুলিলে” ত দেখিবলৈ পোৱা গৈছিল উক্ত দুয়োগৰাকী কন্ঠশিল্পীৰ যুঁটীয়া প্ৰচেষ্টা। সংগীত ক্ষেত্ৰখনত সন্নিৱিষ্ট একোটা গীতক অধিক গ্ৰহণযোগ্য কৰি তোলাৰ স্বাৰ্থত নৱপ্ৰজন্মৰ কন্ঠশিল্পী সমূহৰ অহৰহ প্ৰয়াস লেখত ল’বলগীয়া। নীল আকাশৰ প্ৰায় প্ৰত্যেকটা গীতত অংকুৰিত জনপ্ৰিয়তা নুই কৰিব নোৱাৰি। আনহাতে গীতৰ বিষয়বস্তুৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি আগবঢ়া বাবন বৰ্ণিলৰ গীত সমূহে লাভ কৰা শ্ৰোতা-দৰ্শকৰ সমাদৰে তেওঁক প্ৰতিটো সময়ত জনসাধাৰণৰ কাষ চাপিবলৈ সক্ষম কৰোৱায়। সমান্তৰালকৈ, বিদ্যুৎ বিকাশৰ কথাৰে নিৰ্মাণ হোৱা গীত সমূহৰ লগতে উক্ত কন্ঠশিল্পী গৰাকীৰ কন্ঠও সকলোৰে বাবে চিনাকী। সফলতাক চুমুক দিয়াৰ ক্ষেত্ৰত ইজনে আনজনক কৰা সহায়-সহযোগিতাই সম্প্ৰতি সময়ত একোটাকৈ সুন্দৰ প্ৰকল্পক জনসাধাৰণৰ সমুখত মুকলি কৰি দিবলৈ সক্ষম হৈছে।

তিনি জনপ্ৰিয় নামৰ যুঁটীয়া প্ৰচেষ্টাৰে "নীলিম হাঁহি"- 2


সদ্যমুক্তিপ্ৰাপ্ত “নীলিম হাঁহি” শীৰ্ষক গীতটিয়ে মুক্তিৰ কিছু সময় পিছতেই ইউটিউবত বহুল হাৰত ভিউৱাৰচ লাভ কৰাৰ লগতে ৰাইজে গীতটিক লৈ চচিয়েল মিডিয়াত কৰা চৰ্চাও দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform