চলিত বৰ্ষৰ “অস্কাৰ এৱাৰ্ড” ত মনোনয়ন লাভ কৰিছিল বলীউড ছবি “গঁলী বয়” য়ে। ছবিখনে অস্কাৰ এৱাৰ্ডৰ খিতাপ লাভ নকৰিলেও অথবা এক নিৰ্দ্দিষ্ট সন্মান লাভ নকৰিলেও আচলতে এখন ভাৰতীয় ছবিয়ে উক্ত ঠাইডোখৰ পোৱাটোও এক গৌৰৱৰ বিষয় হৈ পৰিছিল চলচিত্ৰ প্ৰেমী দৰ্শকৰ বাবে। এইবাৰ আকৌ ২০২১ বৰ্ষৰ অস্কাৰ এৱাৰ্ডলৈ মনোনীত হৈছে আন এখন ভাৰতীয় ছবি। “জল্লীকট্টু” নামে এখন ভাৰতীয় ছবিক এইবাৰ অফিচিয়েল এন্ট্ৰী দিয়া হৈছে অস্কাৰ এৱাৰ্ডলৈ। ৯৩ তম একাডেমী এৱাৰ্ডচ বেষ্ট ইন্টাৰনেছনেল ফিছৰ ফিল্ম কেটেগৰীত এই ছবিখনে লাভ কৰিছে মনোনয়ন। ২৭ খন ছবিৰ দৌৰত বিজয়ী হৈ অস্কাৰ এৱাৰ্ডলৈ মনোনীত হৈছে “জল্লীকট্টু”; “শিকাৰা”, “গুঞ্জন সক্সেনা, শকুন্তলা দেৱী, গোলাবো-সিতাবো ইত্যাদি আন কেইবাখনো ছবিৰ দৌৰত বিজয়ী হৈছিল “জলীকট্টু”। Lijo Jose Pellissery ৰ দ্বাৰা নিৰ্দেশিত এই ছবিখনত অভিনয় কৰিছিল Antony Varghese, Chemban Vinod Jose, Sabumon Abdusamad and Santhy Balachandran য়ে।


ছবিখনত এটা গৰুৰ সৈতে হোৱা সাধাৰণ জনৰ হাৰাশাস্তি আৰু গৰুটোক কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি তাক উপস্থাপন কৰা হৈছে। ছবিখনক ২০১৯ বৰ্ষৰ টৰেন্টো ইন্টাৰনেশ্বনেল ছবি সমাৰোহত স্ক্ৰীণিং কৰা হৈছিল। ছবিখনে এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা মনোনয়ক লৈ উৎসাহিত হৈ পৰিছে বৰ্তমান প্ৰতিজন মনোৰঞ্জন প্ৰেমী জনসাধাৰণ।
Add comment