এগৰাকী পৰিচালক ৰূপে নিজক চিনাকী কৰোৱাবলৈ হ’লে বিভিন্ন বিষয়ত মনোনিৱেশ কৰাটো অধিক প্ৰয়োজনীয় হৈ পৰে। আমি আপোনালোকৰ মাজলৈ হয়টো বহু দক্ষ অথবা প্ৰতিষ্ঠিত পৰিচালকৰ সাক্ষাৎকাৰো লৈ আনিছো। কিন্তু, শেহতীয়াকৈ মনোৰঞ্জন ক্ষেত্ৰখনত আটাইতকৈ বেছি পয়োভৰ দেখিবলৈ পোৱা গৈছে নৱপ্ৰজন্মৰ। প্ৰত্যেকখন ক্ষেত্ৰত তেওঁলোকে কৰা যোগদানে বৰ্তমান আপ্লুতও কৰিছে জনসাধাৰণক। অলপতে, জনসাধাৰণৰ মাজত চুটি ছবিৰ পৰিচালক ৰূপে চিনাকী লাভ কৰা নৱপ্ৰজন্মৰ প্ৰতিভা গৰাকীৰ নাম হৈছে মহৰ্ষি তুহীন কাশ্যপ। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক সাক্ষাৎকাৰ যোগে তেওঁ পৰিচালনা দিশটোত কৰা আৰম্ভণিৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “পৰিচালনা ক্ষেত্ৰত মই ২০১৫ চনৰ পৰাই জড়িত; উক্ত বৰ্ষটোতে আমি কেইগৰাকীমান সতীৰ্থই লগ হৈ “ডেউকা ফিল্ম” নামেৰে এটা গ্ৰুপ খুলিছিলো। সেই গ্ৰুপটোতেই সন্নিৱিষ্ট হৈ আছিল বিভিন্নটা প্ৰতিভাৰে পৰিপূৰ্ণ লোক। আমি সকলোৱে লগ হৈ কেইখন মান চুটি ছবি নিৰ্মাণৰ যত্ন কৰিছিলো; আমাৰ প্ৰথমখন চুটি ছবিৰ নাম আছিল “Cross Road”। যিখন চুটি ছবিয়ে প্ৰায় কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি সমাৰোহত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এই সফলতাবোৰে আমাৰ মনত উৎসাহৰ সৃষ্টি কৰিছিল যে আমি আগলৈও কিছুমান এনে কাম কৰি যাবলৈ পাৰো।ইয়াৰ লগতে, আৰম্ভণিতে মই ক’ব লাগিব যে ২০১৭ চনৰ পৰা কলিকতাস্থিত সত্যজিত ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটত পঢ়ি আছোঁ। এই কেইবছৰ মই কেৱল মাত্ৰ চিনেমাৰ শৈলী শিকাই নহয়; নিজকে আৰু গভীৰ ভাবে বুজিবলৈ এটা পৰিবেশ পাইছোঁ। এতিয়ালৈ যি কৰিছো সকলো মাত্ৰ আৰম্ভণি।”
পৰিচালক গৰাকীক ছবি নিৰ্মাণ কিমান সহজ অথবা কিমান টান বুলি কৰা প্ৰশ্নৰ উত্তৰত মহৰ্ষিয়ে কয় যে, “চিনেমা নিৰ্মাণ কৰা কামটো মই মোৰ ফালৰ পৰা টান বুলিয়ে ভাবো। মই যদিও এতিয়ালৈ পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণ কৰা নাই তথাপিও মই কামটোক একাষাৰে সহজ বুলি কৈ দিব নোৱাৰো। হয়, মই এইটো ক’ব পাৰো যে ছবি নিৰ্মাণৰ যি কাৰিকৰী দিশ সেই দিশটোত বৰ্তমান বহু এনে উন্নত মানদণ্ডৰ প্ৰযুক্তি সাঙুৰ খাইছে আৰু সেইটো ফালৰ পৰা কিছু সুবিধা হৈছে; কিন্তু, যদি এখন ছবিৰ কাহিনীৰ গভীৰতা অথবা উক্ত ছবিখনৰ কাহিনীৰে জনসাধাৰণক সংযোগ কৰোৱাবলৈ হয় তেতিয়াহ’লে তেনেক্ষেত্ৰত এখন ছবি নিৰ্মাণ মই সহজ বুলি ক’ব নোৱাৰো। কাহিনী এটা চিনেমাৰ যোগেদি “দৰ্শক” ৰ মাজত উপস্থাপন কৰাৰ আগতে আমি বহুখিনি কথা ভাবিবলগীয়া হয়।”
মহৰ্ষিৰ ফালৰ পৰা “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “এগৰাকী “শিল্পী” কোন অথবা কাক কোৱা হয় সেয়া একাষাৰে কৈ দিয়াটো অকণমান টান। মোৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা যদি চমুকৈ ক’বলৈ যাওঁ তেতিয়াহ’লে এগৰাকী “শিল্পী” হৈছে সেইজন ব্যক্তি যাৰ অইন ব্যক্তিৰ সুখ-দুখ, বেদনা আদিক হৃদয়ংগম কৰিব পৰা ক্ষমতা থাকে। সমান্তৰালকৈ, একোগৰাকী শিল্পীৰ নিজাববীয়া এটা “স্থিতি” থাকিব লাগিব। আনহাতে, এইখিনিতে মই ক’ব খুজিম যে শিল্পীসকলে ৰাজনীতি কৰাটো বিচৰা নাই মই আচলতে, কিন্তু ৰাজনৈতিক স্থিতি এটা ৰখাটো অথবা ৰাজনীতি বুজাটো; লগতে ৰাজনৈতিক দৃষ্টিকোণ এটা ৰখাটো খুবেই জৰুৰী বুলি মই ভাবো। ৰাজনীতি বেয়া আৰু আমি অৰাজনৈতিক হ’ব লাগে বুলি কোৱা কথাটো মই একাসাৰে নস্যাৎ কৰোঁ। অৰাজনৈতিক হোৱাটো এটা ৰাজনৈতিক সিদ্ধান্ত । “
Add comment