Rupaliparda.com

“জোনাকী আকাশে” ৰে কেৰিয়াৰ আৰম্ভণি চিন্ময় মেধিৰঃ

দেশত হোৱা বিভীষিকাময় পৰিস্থিতিয়ে আচলতে প্ৰায় প্ৰতিজন ব্যক্তিৰ পৰাই কিবা নহয় কিবা এটা বস্তুক কাঢ়ি নিছে। প্ৰাপ্তিৰ ঠাইডোখৰৰ তুলনাত অপ্ৰাপ্তিৰ ৰেখা ক্ৰমশ বাঢ়ি আকাশলংঘী হৈছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰাও এনে বহু শিল্পী আঁতৰি গৈছে যি বৰ্তমানেও সাধাৰণজনৰ কল্পনাৰো অগোচৰ। কিন্তু, চলিত বৰ্ষটোত সাধাৰণজনে বহু প্ৰতিভাক ওলাই অহাও দেখিবলৈ পাইছে। সেয়া চুটি ছবিৰ ক্ষেত্ৰতেই হওঁক অথবা সংগীত ক্ষেত্ৰখনতেই হওঁক; নৱপ্ৰজন্মৰ প্ৰতিভাই বৰ্তমান সকলোকে আপ্লুত কৰিছে। “লক-ডাউন” য়ে প্ৰতিজন ব্যক্তিৰ জীৱনত যিমানেই সন্ত্ৰাসৰ সৃষ্টি নকৰক কিয়; ই কেতিয়াও সৃষ্টিৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে। শেহতীয়াকৈ চিন্ময় মেধিৰ কন্ঠৰে মুক্তি লাভ কৰিছিল এটি ৰোমান্টিক গীত “জোনাকী আকাশ”। গীতটিক ভিডিঅ’ সহ মুকলি কৰা হৈছিল “Jollywood Now Music” নামে এক ইউটিউব চেনেলত।


“জোনাকী আকাশ” ত কথা প্ৰশান্ত দাসৰ লগতে গীতটিৰ পৰিচালনা বিকি কলিতা আৰু প্ৰশান্ত দাসৰ। সংগীত প্ৰযোজনা হৰ্ষৰাজৰ লগতে গীতটি বাণীবদ্ধ আৰু শব্দ সংমিশ্ৰণ কৰিছে পিংকু দাসে। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে চিন্ময় মেধি আৰু চায়াশ্ৰী কাশ্যপে। গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰ দায়িত্বত আছিল শিৱম ৰয়। উক্ত গীতটিৰে সংগীত জগতত নিজ কেৰিয়াৰৰ পাতনি মেলা চিন্ময় মেধিয়ে আহিবলগীয়া সময়ত “চাউণ্ড ইঞ্জিনিয়াৰিং” ৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব বুলি এক সাক্ষাৎকাৰ যোগে নিজেই জনাইছিল কন্ঠশিল্পী গৰাকীয়ে।

"জোনাকী আকাশে" ৰে কেৰিয়াৰ আৰম্ভণি চিন্ময় মেধিৰঃ 1


সংগীতকেই নিজৰ পেচা ৰূপে গ্ৰহণ কৰিবলৈ বিচৰা চিন্ময়ে নিজকে বৰ্তমান আৰু অধিক পৰিপক্ক কৰি তুলিবলৈ প্ৰয়াস কৰিছে। সমাজত এক নতুন বিপ্লৱ অনাৰ বাবে সংগীতৰ পথটোক বাচি লোৱা কন্ঠশিল্পী গৰাকীৰ আগন্তুক প্ৰকল্পৰ বাবে তেওঁলৈ জনাইছো শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.