Rupaliparda.com

এইবাৰ আহোম সাঁজেৰে অনুৰাগীৰ হৃদয়ত দীপলিনা ডেকাঃ

এইবাৰ আহোম সাঁজেৰে অনুৰাগীৰ হৃদয়ত ঠাই বনাইছে কন্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকাই। চচিয়েল মিডিয়াত সক্ৰিয় দীপলিনা ডেকাই প্ৰায়ে একোটা পোষ্টেৰে জনসাধাৰণক আপ্লুত কৰি ৰাখে। এইবাৰ আহোম সাঁজেৰে শিল্পী গৰাকীয়ে কৰা এটা ফটোশ্বুটত অনুৰাগীয়ে কমেন্টেৰে ভিৰ কৰি পেলাইছে। মনোৰঞ্জন ক্ষেত্ৰখনত ইটোৰ পিছত সিটোকৈ উল্লেখনীয় প্ৰকল্পৰ দ্বাৰা জনপ্ৰিয়তা লাভ কৰা দীপলিনা ডেকা সম্প্ৰতি সময়ৰ এগৰাকী সু-প্ৰতিষ্ঠিত শিল্পী। এগৰাকী কন্ঠশিল্পী ৰূপত তেওঁ যিমানেই অনুৰাগীৰ প্ৰিয়; সমান্তৰালকৈ অনুৰাগী বোৰৰ বাবে প্ৰিয় তেওঁৰ অভিনীত চৰিত্ৰ সমূহো। শিল্পী গৰাকীয়ে অনুৰাগীৰ প্ৰশংসা ইমানেই লাভ কৰে যে তেওঁয়ো প্ৰায়ে প্ৰতিটো সময়তে অনুৰাগীৰ কাষ চাপিবলৈও প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা যায়। দীপলিনাৰ কন্ঠৰ মাদকতাই ইতিমধ্যে শ্ৰোতাক তেওঁৰ অনুৰাগী হ’বলৈ এক প্ৰকাৰ বাধ্য কৰি তুলিছে। ইঞ্জিনিয়াৰিং প্ৰবৃত্তি এৰি দীপলিনাই সংগীত ক্ষেত্ৰখনত সোমাই পৰাটো তেওঁৰ বাবেই এক প্ৰত্যাহ্বান সদৃশ আছিল। কিন্তু, দৃঢ় প্ৰতিজ্ঞই সকলো বাধাক আঁতৰ কৰিব পাৰে। “চুই দিয়ানা”, “মধু লগন” আদি একাংশ ৰোমান্টিক গীতৰ গৰাকী দীপলিনাৰ ইনষ্টাগ্ৰাম একাউটটো বৰ্তমান Verified অৰ্থাৎ “প্ৰতিপন্ন” কৰা হৈছে। তেওঁক ফ’ল’ কৰা লোকৰ সংখ্যা হৈছে তিনি লাখতকৈও অধিক। ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা দীপলিনাৰ তৰুণ তন্ময়ৰ সৈতে যুটীয়াভাৱে কন্ঠদান কৰা “নোৱাৰি নোৱাৰি” শীৰ্ষক গীতটিয়ে হৈ পৰিছিল জনপ্ৰিয়।


জুবিন গাৰ্গৰ “মিছন ছাইনা” ছবিখনৰ দ্বাৰা এগৰাকী অভিনেত্ৰী ৰূপে চিনাকী লাভ কৰিছিল দীপলিনাই। জাগীৰোডৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা দিয়া দীপলিনাই পিছলৈ হায়াৰী ছেকেণ্ডাৰী পৰীক্ষা দিয়ে শিলপুখুৰীৰ মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা। এগৰাকী কথক ডেন্সাৰ হোৱাৰ উপৰিও এই গৰাকী শিল্পীয়ে ক্লাছিকেল মিউজিকত লাভ কৰিছিল বিষাৰদ ডিগ্ৰী। উল্লেখ্য যে, চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা দীপলিনা ডেকাই লাভ কৰিছিল “কলাশ্ৰী” সন্মান।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.