যোৱা ৪ মাৰ্চৰ পৰা ৰং চেনেলত সন্ধিয়া ৮ বজাত কল্পজ্যোতি দাসৰ পৰিচালনাৰে প্ৰচাৰিত হৈ আহিছে এখন ধাৰাবাহিক, “পৰিণীতা”। এটি সুন্দৰ প্ৰেম কাহিনীৰে আৰম্ভ ধাৰাবাহিক খনত মূখ্য চৰিত্ৰ ৩টা ।হিমাক্ষী কলিতা,সিদ্ধাৰ্থ কলিতা লগতে কমল ৰেৱতীয়ে নিজ নিজ সুদক্ষ অভিনয়ৰে ধাৰাবাহিক খন সুন্দৰ ৰূপত ফুটাই তুলিছে। পূৰ্বতে “বৈদেহী” চৰিত্ৰটিত অভিনয় কৰা অভিনেত্ৰী হিমাক্ষী কলিতাই দৰ্শকক বৰ্তমানৰ “পৰিণীতা” ধাৰাবাহিক খনৰ আৰম্ভণিৰ পৰাই আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সমাজৰ কিছু তুচ্ছ চিন্তাৰ আগ্ৰাসত পৰি এটি সুন্দৰ প্ৰেম কেনেদৰে এক প্ৰতিশোধলৈ পৰিণত হৈ পৰে তাকেই উপস্থাপন কৰা হৈছে ধাৰাবাহিকখনত। সুন্দৰ অভিনয় তথা বৰ্তমান পৰিস্থিতিৰ লগত খাপ খোৱা কিছু সংলাপৰ প্ৰয়োগেই ধাৰাবাহিকখন চোৱাৰ উপযোগী কৰি তুলিছে।
ধনী-দুখীয়াৰ ব্যৱধানৰ ফলত এটি সুন্দৰ প্ৰেম কাহিনীৰ অকপট মৃত্যু ধাৰাবাহিকখনৰ যোগেদি প্ৰতিফলিত কৰিছে। পিতৃ-মাতৃৰ বাবে তেওঁলোকৰ নিজ সন্তানৰ সুখ সদায় ওপৰত। ফলত তেওঁলোকে সন্তানৰ ভৱিষ্যত দুখৰ পৰিকল্পনা কৰি তাইৰ মতামত নোহোৱাকৈয়ে কিছু সিদ্ধান্তত উপনীত হয়। সেই
সিদ্ধান্ত যে কেতিয়াবা কোনো পৰিস্থিতি ভুলো হ’ব পাৰে তাকেই দেখুওৱা হৈছে “পৰিণীতা” ধাৰাবাহিকখনৰ যোগেদি।
ধাৰাবাহিকখনত সমসাময়িক কিছু সংঘটিত ঘটনাৰ এক চমু আভাষ দিয়া হৈছে বাবেই ধাৰাবাহিকখনে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Add comment