Rupaliparda.com
Bidhata Assamese Serial

বিধাতা-টি.ভি পৰ্দাত নতুনৰ সংযোজন

সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া ৬:৩০ বজাত ৯ মে’ পৰা ৰং চেনেলত আৰম্ভ হয় “বিধাতা”। এখন সৰ্বাংগসুন্দৰ ধাৰাবাহিক। বাপা আহমেদৰ দ্বাৰা পৰিচালিত “বিধাতা” ইতিমধ্যেই দশৰ্কে আঁকোৱালি লৈছে। জন্ম-মৃত্যু,বিবাহ এই সকলোবোৰ সৰ্বনিয়ন্তাৰ কবলত। তাত কোনো জীৱৰ কোনো ধৰণৰ হস্তক্ষেপ নাই। যি ঘটি আছে বা যি ঘটিবলগীয়া আছে; এই সকলো নিশ্চিত কৰে ওপৰত বহি থকাজনেহে।
“ভাগ্য” ৰ যি খেল; জীৱনৰ যি উঠা-নমা,দুখ-বিষাদ, হাঁহি-কান্দোন আদিকেই কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে “বিধাতা”। মৈত্ৰেয়ী গোস্বামী তথা জিন্তু কলিতাৰ চিত্ৰনাট্য/সংলাপ থকা উক্ত ধাৰাবাহিকখনত অভিনয় কৰিছে আইমী বৰুৱা, গায়ত্ৰী বৰা,কিশোৰ দাস, শশাংক সমীৰ আদিকে ধৰি বহুকেইজন ন-পূৰণি অভিনেতা-অভিনেত্ৰীয়ে।
দুটা পৰিয়ালৰ দৈনন্দিন জীৱনৰ ঘাত-প্ৰতিঘাতেৰেই আৰম্ভ হৈছে ধাৰাবাহিকখন। আইমী বৰুৱা অৰ্থাৎ “পূৰ্ণিমা” ঘাটমাউৰা ছোৱালী। তাইক সৰুৰে পৰা মামাক-মামীয়েকে যথেষ্ট মৰমেৰে নিজৰ লগত ৰাখিছে। মামাক-মামীয়েকৰ একমাত্ৰ সন্তান “মৌচুমী” য়েও নিজৰ ভনীয়েক অৰ্থাৎ পূৰ্ণিমাক যথেষ্ট মৰন কৰে। পূৰ্ণিমা মানেই হৈছে পূৰ্ণ জোন আৰু লগতে ক’ব পাৰি পূৰ্ণ পোহৰ। কিন্তু জোনত যেনেদৰে দাগ আছে ঠিক তেনেদৰেই কোমল অন্তৰৰ পূৰ্ণিমাৰ এফালৰ গালত আছে “দাগ”। সেই দাগ ক’ত/কিহৰ পৰা আৰু কেনেকৈ তাইৰ গালত পৰিল তাৰ ৰহস্য বৰ্তমানেও ধাৰাবাহিকখনত ভেদ কৰা নাই। নাৰী সদায় সক্ষম যিকোনো পৰিস্থিতিতে মোকাবিলা কৰিবলৈ। ” পূৰ্ণিমা” ও সকলোৰে লগত হাঁহি-মাতি, ক্ষুদ্ৰতকৈ ক্ষুদ্ৰ বস্তুত নিজৰ সুখ সন্ধান কৰি লোৱা এগৰাকী স্ত্ৰী। মুঠতে এক কথাত ক’বলৈ হ’লে ধাৰাবাহিকখন নাৰী কেন্দ্ৰিক।
“বিধাতা ধাৰাবাহিক খনৰ আৱহ সংগীত পাপৰি গগৈৰ। “কোনে জানে কাৰ জীৱনৰ বিধাতাৰ কি লিখনি” শীৰ্ষক গীতটোতেই সন্নিৱিষ্ট হৈ আছে ধাৰাবাহিকখনৰ সমস্ত। ঘাটমাউৰা এজনী ছোৱালীয়ে পৰিস্থিতিৰ বশৱৰ্তী হৈ মানসিক বিকাৰগ্ৰস্ত এজন পুৰুষৰ লগত বিয়া হৈ তাইৰ জীৱনত হোৱা সাল সলনি সমূহ দৰ্শকে বাৰুকৈয়ে আঁকোৱালি লৈছে।
দৰ্শকৰ সমাদৰ লাভ কৰা “বিধাতা” ই আগন্তুক সময়তো দৰ্শকক আমোদ দিব বুলি ধাৰণা কৰিব পাৰি।

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform