অসমীয়া ধাৰাবাহিক সমূহৰ ভিতৰত আটাইতকৈ দীঘল আৰু দৰ্শকৰ বহুল পৰিমাণে সমাদৰ লাভ কৰা প্ৰথমখন ধাৰাবাহিক হৈছে “বেহাৰবাৰী আউটপষ্ট”। ২০১৩ চনৰ ৭ অক্টোবৰ তাৰিখৰ পৰা ৰেঙণি চেনেলত ৰাতি ৮ বজাত প্ৰচাৰিত হয় উক্ত ধাৰাবাহিকখন। “বেহাৰবাৰী” নামৰ ঠাইত অৱস্থিত এখন আৰক্ষীথানাৰ পুলিচ আৰু তেওঁলোকৰ জীৱন-দৰ্শন লগতে বহু নীতিমূলক আদৰ্শৰ কথাৰে আৰম্ভ হৈছে “বেহাৰবাৰী আউটপষ্ট”।
“কে কে” আৰু “মোহন” নামে দুই চৰিত্ৰৰ কথা কোৱাৰ যি ভংগিমা সেয়া সৰুৰ পৰা ডেকা-বুঢ়াৰ মাজতো জনপ্ৰিয়। প্ৰতিযোগিতাৰ এই সময়ছোৱাত হাঁহিবলৈ পাহৰা জনসাধাৰণক সুহুতীয়া কথাৰে হাঁহিবলৈ অৱকাশ দিয়ে “বেহাৰবাৰী আউটপষ্টে”। ধেমালিৰে মানুহক আমোদ প্ৰদান কৰি দেশত সংঘটিত কিছু গুৰু -গম্ভীৰ কথাৰ আলোচনা কৰা ধাৰাবাহিকখনৰ চৰিত্ৰসমূহৰ যি সংলাপ সেয়া খুবেই আকৰ্ষণীয়।
মনোজ শইকীয়াৰ দ্বাৰা পৰিচালিত ধাৰাবাহিক খন একঘেয়ামী নহয়। প্ৰত্যেক দিনেই নতুন নতুন “কেচ” সংযোজনেৰে ধাৰাবাহিকখন প্ৰচাৰিত হয়। কে কে চৰিত্ৰ সংলাপ “আউ হৰি আউ ৰাম” , “এ মজা” লগতে “মোহন” চৰিত্ৰৰ “জুমনি”, অ’ জিন জিন”, “অহ’ মাই ডগছ্” ইত্যাদি সংলাপে ধাৰাবাহিক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে।
জনসাধাৰণক নিতৌ একোটা নিৰ্দিষ্ট মেছেজ প্ৰদান কৰে ধাৰাবাহিকখনে। জটিল জীৱনৰ নিত্য-নতুন উঠা-নমা বোৰ পাহৰি আধা ঘণ্টাৰ বাবে জনসাধাৰণক হহুৱাত ধাৰাবাহিকখন সফল যেন লাগে। হিন্দী ধাৰাবাহিক সমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ সকলো গুণেই ধাৰাবাহিক খনত আছে। ভিন্ন চৰিত্ৰৰ ভিন্ন ব্যক্তিত্ব লগতে এটা “কেচ” ৰ লগতে জড়িত আৰক্ষীৰ দৃষ্টিভংগীৰ যি সুন্দৰ প্ৰকাশ তাত সফল “বেহাৰবাৰী আউটপষ্ট”।
You may also like
Unstoppable Excitement: Confident ‘Aay’ Premieres with Paid Exclusives
GA2 Pictures is set to release another small film, titled “Aay,” on August 16th. Directed by first-time filmmaker Anji K Maniputhra, the movie stars Narne Nithiin, who is notably the brother-in-law of NTR. The...
Shocking Demand: Student Fights for Justice, Claims ₹1.1 Cr Over Unauthorized Phone Number Use in Amaran
“Explosive Backlash: ‘Amaran’ Triumphs Amidst Controversial Phone Number Fiasco!” The recently premiered Tamil film “Amaran,” featuring popular actors Sivakarthikeyan and Sai Pallavi, has...
Unveiling a New Barkha Singh: Embracing Intense Roles While Cherishing Her Beloved Girl-Next-Door Charm | Must-See Web Series
“Unleashing Potential: Barkha Singh’s Bold Transition to Darker Roles and Authentic Beauty” Barkha Singh’s career has been a compelling journey of diverse roles and evolving opportunities. Having...
বহু প্ৰত্যাশিত অসমীয়া বোলছবি ‘ডিফলু’ৰ দৃশ্যগ্ৰহণ আৰম্ভ
বহু প্ৰত্যাশিত অসমীয়া বোলছবি ‘ডিফলু’ৰ দৃশ্যগ্ৰহণ আৰম্ভ চলিত সপ্তাহত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে বৰলুইত প্ৰডাকচনৰ বহু প্ৰত্যাশিত অসমীয়া বোলছবি ‘ডিফলু’ৰ দৃশ্যগ্ৰহণ। উল্লেখ্য যে, ছবিখনৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ অহা ২০ দিনৰ...
টেলিভিছন প্ৰিমিয়াৰৰ বাবে সাজু উচ্চ প্ৰশংসিত অসমীয়া ছবি ‘জিয়া’
“অপূর্ব ‘জিয়া’: একক মাতৃৰ সংগ্রাম আৰু জয়ৰ হৃদয়স্পৰ্শী আখ্যান” কেনি বসুমতাৰীৰ পৰিচালনাত আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনাত নিৰ্মিত, সৰ্বসাধাৰণৰ হৃদয় জয় কৰা অসমীয়া ছবি ‘জিয়া’ এতিয়া টেলিভিছন...
Critically acclaimed Assamese film ‘Jiya’ set for its television premiere
“Unmissable Triumph: Experience the Emotional Journey of ‘Jiya’ on TV” The acclaimed Assamese film “Jiya,” directed by Kenny Basumatary and produced by Sarmistha Chakravorty, is...
Add comment