পৰিচালক প্ৰণৱ বিবেক তথা ভাস্কৰ উপাধ্যয়ৰ দ্বাৰা প্ৰযোজিত অসমীয়া চলচিত্ৰ জগতলৈ আহি আছে “উল্কা”। ইষ্টাৰ্ণ গ্ৰীণ পিস্কাৰৰ বেনাৰত নিৰ্মিত মানস চাংগ্ৰাৰ কাহিনীৰে “উল্কা” হৈছে এখন ব্যংগ কমেডী চিনেমা। চিনেমাখনত সহঃ পৰিচালক হিচাপে কাম কৰিছে ধ্ৰুৱজিৎ বৈশ্য,দেৱজিৎ দাস,মৃণাল ডেকা লগতে মৃণাল বৰ্মন।
“উল্কা” ত মূখ্য চৰিত্ৰ হৈছে ৰূপম চেতিয়াৰ। ইতিমধ্যে তেওঁক জাহ্নু বৰুৱাৰ “অজেয়” চিনেমাত দেখা গৈছে। ইয়াৰ পিছত অভিনয়ত দেখা যাব অমিত কুমাৰ বৰা, পংকজ মহন্ত, পিচপন ইংতি। অভিনেত্ৰীৰ চৰিত্ৰত আছে পাপৰি কলিতা,অালিস্মিতা গোস্বামী। বোলছবিখনত চলচিত্ৰ জগতত নাম থকা শিল্পী যেনে নিপন গোস্বামী,মিনু বণিয়া,অৰুণ হাজৰিকা আদিকো দেখা যাব ।
শিক্ষা জীৱনৰ এক অৱিচ্ছেদ্য অংগ হৈছে “হোষ্টেল”। কোৱা হয় – যিয়ে হোষ্টলৰ মিঠা-তিতাঁ অভিজ্ঞতা চেলেকি চোৱা নাই; সি জীৱনৰ সোৱাদেই ল’ব পৰা নাই।” গতিকে ইয়াকেই আৰ্হি কৰি হোষ্টেলত থকা ছাত্ৰ জীৱনৰ ওপৰতেই বনোৱা হৈছে বোলছবিখন। হোষ্টেলত থকা ছাত্ৰই সচৰাচৰ কৰা এটা “প্ৰেংক” ক লৈয়ে সৃষ্টি হৈছে “উল্কা” ৰ। উক্ত “প্ৰেংক” টোৱে শেষত গৈ অন্ধ-বিশ্বাসৰ বশৰ্ৱতী হ’বলগীয়া হয় আৰু কেনেদৰে ই গুৰু-গম্ভীৰ বিষয়লৈ ধাৱমান হয় তাক লৈয়ে কাহিনী দিয়া হৈছে “উল্কা” ত।
বোলছবিখনত মিউজিক কৰিছে ইছবন লাল বৰুৱাই লগতে আৱহ সংগীতত কণ্ঠদান কৰিছে অংগৰাগ পাপন মহন্তই। বোলছবিখনৰ আন এটি গীত “তৰাৰ দৰে” ত কণ্ঠদান কৰিছে জুবিন গাৰ্গে। উক্ত গীতটিয়ে ইতিমধ্যে ইউটিউবত ৰাইজৰ সঁহাৰি লাভ কৰিছে।
অসমীয়া চিনেমা ৰ পৰিচালক তথা প্ৰযোজক সকলে বহুতো চেষ্টাৰ তথা সাধনা ফলত বনাই ওলোৱা একোখন চিনেমাক লৈয়ে পোখা মেলক অসমীয়া বোলছবি জগতত নতুন কলিৰ।

Add comment