Rupaliparda.com
Zubeen Garg

জুবিনৰ পৰিকল্পনাঃজুলু-

অসমৰ চিনেমা হল সমূহত অসমীয়া চিনেমা নচলাৰ প্ৰতিবাদত নামি পৰিছিল অসমৰ শিল্পী জগতৰ প্ৰায় অধিকাংশ শিল্পী। তাৰ মাজতেই নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিনৰ নাম উল্লেখনীয়। একোটা নতুন আৰু ব্যতিক্ৰমী চিন্তাৰে হাৰ্টথ্ৰৱ গৰাকীয়ে অসমবাসীক উপহাৰ দি আহিছে একোখন নতুন চিনেমা। প্ৰায় ২.৫ কোটি টকা ব্যয়ৰে প্ৰস্তুত কৰা “মিছন ছাইনা” ই ইতিমধ্যে দৰ্শকৰ বিপুল সঁহাৰি পাইছে। তেওঁৰ “আণ্ডাৰওৱৰ্ল্ড” আৰু “কাঞ্চনজংঘা” ৰ পষ্ট প্ৰডাকচনৰ কাম সমূহৰ কাম চলি আছে। ইয়াৰ পিছতেই শিল্পী গৰাকীয়ে তেওঁৰ নতুন চিন্তা “জুলু” ৰ বিষয়ে ব্যক্ত কৰে ৰাইজৰ ওচৰত।
ৰঞ্জু হাজৰিকা হৈছে অসমৰ এখন বিখ্যাত লেখক যাৰ বৰ্তমানলৈ কিতাপৰ সংখ্যা ৭৫০ খনৰ কাষ চাপিছে। তাৰ ভিতৰতেই এখন হৈছে “জুলু”। “জুলু” কিতাপখনৰ মূখ্য চৰিত্ৰ “এটা ম’হ” ৰ। এটা বনৰীয়া ম’হ। ইয়াকে কেন্দ্ৰ কৰি জুবিন গাৰ্গে ২০১৮ চনৰ ৪মে’ ত গুৱাহাটীৰ লালমাটিস্থিত ৰঙালী বিহুৰ ফাংচনত “জুলু” ৰ বিষয়ে ৰাইজক জানিবলৈ দিয়ে। “জুলু” চিনেমাখন যিহেতু এটা ম’হক কেন্দ্ৰ কৰিয়েই নিৰ্মিত হ’ব গতিকে হাৰ্টথ্ৰৱ গৰাকীয়ে নিজৰ ঘৰতেই এটা পোহনীয় ম’হ কিনি লয়। ম’হটোক শিল্পীগৰাকীয়ে চিনেমাখনৰ বাবেই এবছৰৰ ভিতৰত প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.