Rupaliparda.com
এইবাৰ "গৰু" স্থিতপ্ৰজ্ঞ; জানুৱাৰী মাহত আপোনাৰ কাষ চাপিব হিমাংশু প্ৰসাদ দাসৰ "গৰু"- 1

এইবাৰ “গৰু” স্থিতপ্ৰজ্ঞ; জানুৱাৰী মাহত আপোনাৰ কাষ চাপিব হিমাংশু প্ৰসাদ দাসৰ “গৰু”-

এইবাৰ “গৰু” আপোনাৰ ঘৰলৈ অহাত বাধা নাই; অতি সোনকালে আপোনাৰ কাষ চাপিব “গৰু”। নহয় নহয়, আপোনালোকে ভুল বুজিছে! আচলতে, ইয়াত এখন অসমীয়া ছবিৰ প্ৰসংগহে তুলি ধৰা হৈছে। চলিত বৰ্ষৰ জানুৱাৰী মাহতেই মুক্তিপাবলগীয়া এইখন ছবিৰ মুক্তিৰ তাৰিখ ইমানেই পিছুৱাই গ’ল যে বৰ্তমান এই অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিখন মুক্তি পাব অহা বৰ্ষৰ অৰ্থাৎ ২০২১ ৰ জানু্ৱাৰী মাহত। হিমাংশু প্ৰসাদ দাসৰ ছবি “গৰু” ৰ মুক্তিৰ দিন পিছুৱাই গ’লেও কিন্তু ছবিখনৰ চৰ্চা কমি যোৱা নাছিল জনসাধাৰণৰ মাজৰ পৰা। ছবিখনৰ নামটো যিমান ব্যতিক্ৰম সমান্তৰালকৈ এইবাৰ ছবিখনক মুকলিও কৰি দিয়া হ’ব এক ন-প্ৰকাৰে। স্থায়ী চিত্ৰগৃহৰ সলনি ছবিখন মুকলি কৰা হ’ব ঠায়ে ঠায়ে থকা ভিন্ন প্ৰেক্ষাগৃহ তথা অস্থায়ী প্ৰেক্ষাগৃহত। বিভিন্ন দল-সংগঠনৰ সহযোগিতাত মুঠ ১০০০ টা দৰ্শনীৰে “গৰু” ক মুকলি কৰি দিয়া হ’ব অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকৰ মাজত। দুবাৰকৈ মুক্তিৰ তাৰিখ ৰৈ যোৱাৰ পিছত এইবাৰ পৰিচালক হিমাংশু প্ৰসাদ দাসো স্থিতপ্ৰজ্ঞ; এইবাৰ কোনোপধ্যেই ছবিখন মুক্তিৰ সালসলনি নঘটে। অইনতকৈ ভিন্ন হিমাংশু প্ৰসাদ দাসৰ নিজ সৃষ্টিসমূহৰ প্ৰচাৰ কৌশলো আচলতে অইনতকৈ ভিন্ন।

এইবাৰ "গৰু" স্থিতপ্ৰজ্ঞ; জানুৱাৰী মাহত আপোনাৰ কাষ চাপিব হিমাংশু প্ৰসাদ দাসৰ "গৰু"- 2


হাস্যমধুৰ কাহিনীৰে নিৰ্মিত “গৰু” ছবিখন চাহাজাহনৰ একে নামৰ উপন্যাসৰ পৰা তুলি অনা। ছবিখনত অন্তৰ্ভূক্ত গীত সমূহে ইতিমধ্যে ইউটিউবত লাভ কৰিছে মুক্তি আৰু গীতকেইটিয়ে মুক্তিৰ সমান্তৰালকৈ জনসাধাৰণৰো প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। বাহাৰুল ইছলামৰ লগতে ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে ক্ৰমে অৰুণ নাথ, প্ৰাঞ্জল শইকীয়া, পাকিজা বেগম, চন্দন দাস, কমল লোচনৰ লগতে লনিশ্ৰী দাসে। “গৰু” ছবিখনত সন্নিৱিষ্ট সংগীতত কন্ঠদান কৰিছে অংগৰাগ পাপন মহন্ত, দীক্ষু তথা নীল আকাশে লগতে চিনেমাখনৰ আৱহ সংগীত অৰূপ জ্যোতি বৰুৱাৰ। ২৩ জানুৱাৰী তাৰিখৰ পৰা মুঠ ১০০০ টা দৰ্শনীৰ সৈতে আপোনাৰ কাষ চাপিবলৈ সাজু হৈছে “গৰু” আৰু ইয়াৰ সৈতে জড়িত কলা-কুশলী। ভাল দিন নহ’লেও ভাল চিনেমা উপভোগ কৰিবলৈ প্ৰত্যেকজন দৰ্শকেই বিচাৰে; গতিকে কিছু ব্যংগাত্মক সুৰত সম্প্ৰতি নৱপ্ৰজন্মৰ স্থিতি বাখ্যাৰে নিৰ্মাণ কৰি উলিওৱা “গৰু” য়ে যে আহিবলগীয়া সময়ত জনসাধাৰণৰ বহুল প্ৰশংসা লাভ কৰিব সেয়া একাষাৰে কয় দিলেও হয়টো অতিৰঞ্জিত নহ’ব।

এইবাৰ "গৰু" স্থিতপ্ৰজ্ঞ; জানুৱাৰী মাহত আপোনাৰ কাষ চাপিব হিমাংশু প্ৰসাদ দাসৰ "গৰু"- 3


আনহাতে, হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰ দিশটো ইমানেই মজবুত যে তেওঁৰ প্ৰতিটো প্ৰকল্পই টানিবলৈ সক্ষম হয় দৰ্শকক। তেওঁৰ ডিজিটেল নাট “হেংদাং ফৰ চেল’ বৰ্তমানলৈ বিভিন্ন ঠাইত বহুল অংকৰ জনসাধাৰণৰ সৈতে প্ৰদৰ্শন কৰা হৈ আছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform