Rupaliparda.com
ঋতৃষা শৰ্মাৰ নতুন হিন্দী গীতঃ আকৌ এবাৰ উৎসাহী ঋতৃষাৰ অনুৰাগী- 1

ঋতৃষা শৰ্মাৰ নতুন হিন্দী গীতঃ আকৌ এবাৰ উৎসাহী ঋতৃষাৰ অনুৰাগী-

অসম জীয়ৰী তথা কন্ঠশিল্পী ঋতৃষা শৰ্মাৰ সাংগীতিক যাত্ৰাত আকৌ এবাৰ জনপ্ৰিয়তাৰ মোহৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰো কেইবাটাও হিন্দী গীতত কন্ঠদান কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা ঋতৃষা শৰ্মাই আহিবলগীয়া এখন হিন্দী ছবিৰ এটি সুন্দৰ গীতত কন্ঠদান কৰিছে। “Namumkin Tere Bin Jina নামে আহিবলগীয়া হিন্দী ছবিখনৰ “Shagun” শীৰ্ষক গীতটিত কন্ঠদান কৰিছে কন্ঠশিল্পী গৰাকীয়ে। এয়া সঁচাকৈ অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়; পূৰ্বেও বহু অসম সন্তানে হিন্দী ছবিৰ গীতত কন্ঠদান কৰি জনসাধাৰণৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত উক্ত গীতটিয়েও কন্ঠশিল্পী ঋতৃষা শৰ্মাৰ অনুৰাগীক উৎসাহিত কৰি তুলিছে। ঋতৃষা শৰ্মাৰ প্ৰচেষ্টাৰে নিৰ্মিত প্ৰতিটো প্ৰকল্পই সম্প্ৰতি লাভ কৰিছে সঁহাৰি; আচলতে, তেওঁৰ হিন্দী কন্ঠ অথবা হিন্দী ভাষাৰ ক্ষেত্ৰত থকা দখলতাই তেওঁৰ পূৰ্বতে মুক্তিপ্ৰাপ্ত হিন্দী গীতসমূহক ট্ৰেণ্ডিঙৰ লিষ্টত অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈ পৰে। T-Series ৰ বেনাৰত সদ্যমুক্তিপ্ৰাপ্ত “Shagun” গীতটিৰ কথা মহিমা ভৰদ্বাজৰ লগতে সংগীত পৰিচালনা কৰিছে মন্টি শৰ্মাই।


প্ৰায় চচিয়েল মিডিয়াত সক্ৰিয় এই গৰাকী কন্ঠশিল্পীয়ে একোটা গীতৰ কভাৰ প্ৰস্তুত কৰি সেই একোটা গীতক ইমান সুন্দৰকৈ উপস্থাপন কৰে যে এইক্ষেত্ৰত কন্ঠশিল্পী ঋতৃষাৰ আগত কোনো যাব পৰা নাই। হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে একোখন একোখন মঞ্চত গীত পৰিৱেশন কৰাৰে পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈ তেওঁ নিজ সাংগীতিক কেৰিয়াৰটোক দিয়া সময় তথা কেৰিয়াৰটোক লৈ কৰা কষ্টই তেওঁৰ অনুৰাগীৰ শাৰীটো ইমানেই বেছি দীঘলীয়া হৈ পৰিছে যে এতিয়া তেওঁৰ প্ৰতিটো গীতত ভিউৱাৰচৰ সংখ্যাও হয় লেখত ল’বলগীয়া। তেওঁৰ নতুনকৈ মুক্তিপ্ৰাপ্ত উক্ত হিন্দী গীতটিয়ে অসমবাসীকো গৌৰন্বম্বিত নকৰাকৈ কিন্তু থকা নাই।

ঋতৃষা শৰ্মাৰ নতুন হিন্দী গীতঃ আকৌ এবাৰ উৎসাহী ঋতৃষাৰ অনুৰাগী- 2


আহিবলগীয়া সময়তো এই গৰাকী কন্ঠশিল্পীয়ে কেইবাটাও গ্ৰহণযোগ্য প্ৰকল্পৰ সৈতে আপোনালোকৰ কাষ চাপিবলৈ সাজু হৈছে। তেওঁৰ আগন্তুক প্ৰতিটো প্ৰকল্পৰ বাবে ৰূপালীপৰ্দাৰ তৰফৰ পৰাও তেওঁলৈ যাঁচিছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform