Rupaliparda.com
"জয় আই অসম" ধ্বনিৰে আকৌ সক্ৰিয় বৰষা ৰাণী বিষয়াঃ 1

“জয় আই অসম” ধ্বনিৰে আকৌ সক্ৰিয় বৰষা ৰাণী বিষয়াঃ

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বাবে বিগত বছৰৰ এইখিনি সময়ত অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আন্দোলনকাৰী সকলে কঁপাই তুলিছিল। দেশ যুৰি ইন্টাৰনেট সেৱা কৰ্তন কৰা স্বত্বেও সাধাৰণজনৰ লগতে একাংশ শিল্পী আহি উপস্থিত হৈছিল উক্ত আইনৰ বিৰোধিতা কৰিবলৈ। নিজৰ দেশ, জাতি, মাতি আৰু নিজস্বতা ৰক্ষাৰ স্বাৰ্থত লাখ-লাখ জনসাধাৰণৰ ৰণহুংকাৰেৰে অসমীয়াৰ গৰম তেজৰ কথাটোক কেন্দ্ৰ কৰি আগুৱাই যোৱা কথাটোৰ এক আভাস লাভ কৰিছিল। এই আন্দোলনকাৰী সকলৰ লগত হাতে হাত ধৰি আগুৱাইছিল একাংশ অসমীয়া শিল্পী, কলা-কুশলী। য’ত অধিকাংশ শিল্পী বৰ্তমান ৰাজনৈতিক মেৰপাকত মেৰ খাই পৰিছে তাতেই আকৌ একাংশ এনে শিল্পীও আছে যিয়ে বৰ্তমানেও “কা” বাতিলৰ দাবীত সাধাৰণ জনৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিছে। এই প্ৰতিশ্ৰুতি দিওঁতা সকলৰ ভিতৰত এগৰাকী অভিনেত্ৰী হৈছে বৰষা ৰাণী বিষয়া। বিগত বৰ্ষটোত সক্ৰিয় ভূমিকা লোৱা এই গৰাকী অভিনেত্ৰীয়ে যেন বৰ্তমানেও পাহৰা নাই তেওঁৰ প্ৰতিশ্ৰুতি তথা তেওঁৰ অসম খনক। সেইবাবেই হয়টো আজি ৰাতিপুৱাই ইনষ্টাগ্ৰাম যোগে তেওঁ পোষ্ট কৰিছে “জয় আই অসম” ।

"জয় আই অসম" ধ্বনিৰে আকৌ সক্ৰিয় বৰষা ৰাণী বিষয়াঃ 2


উক্ত পোষ্টটো দিয়াৰ পিছতে ভিন্ন জন অনুৰাগীয়ে তেওঁক “জয় আই অসম” ৰে সঁহাৰি জনায়। কিন্তু, একাংশই তেওঁৰ এই পোষ্টটোৰ জৰিয়তে তেওঁক সমালোচনাও কৰে। “আৰু কিবা নতুন দল সংগঠন কৰি ৰাইজক মিছা আশ্বাস প্ৰদান কৰিব নেকি?” বুলি প্ৰশ্ন কৰে একাংশই অভিনেত্ৰী গৰাকীক। উল্লেখ্য যে, বিগত বৰ্ষৰ দৰে এইবাৰো “কা” বাতিলৰ দাবীত উঠি পৰি লাগিছে প্ৰত্যেকজন। প্ৰতিটো স্বৰ্ত নামালিলে এইবাৰো পৰিস্থিতি ভয়ংকৰ হোৱাৰ হুংকাৰ দিছে সকলোৱে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform